গুৱাহাটী, ৭ মেঃ সাধাৰণ জনতাৰ ওপৰত আন এক মাধমাৰ সোধাই চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য আকৌ এবাৰ ৫০ টকালৈ বৃদ্ধি কৰিছে। শেহতীয়া সংশোধনৰ সৈতে, ঘৰুৱা এলপিজি চিলিণ্ডাৰবোৰ দিল্লীত ৯৯৯.৫০ টকাত বিক্ৰী হ'ব।
চিলিণ্ডাৰৰ মূল্য বৃদ্ধি এনে এটা সময়ত বৃদ্ধি হৈছে, যেতিয়া দেশত পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বাবে মানুহ ইতিমধ্যে অসুবিধাত পৰিছে। এলপিজিৰ মূল্য বৃদ্ধিয়ে ভাৰতৰ সাধাৰণ জনতাৰ সমস্যা আৰু বৃদ্ধি কৰিব।
এই মাহৰ আৰম্ভণিতে, বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। ১ মে'ত, ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি কৰি ২৩৫৫.৫০ টকা কৰা হয়, যি আগতে ২২৫৩ টকা আছিল। লগতে, ৫ কিলোগ্ৰাম এলপিজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৬৫৫ টকালৈ বৃদ্ধি কৰা হৈছে।
তাৰ পূৰ্বে, ১ এপ্ৰিল ২০২২ ত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজিৰ হাৰ প্ৰতি চিলিণ্ডাৰত ২৫০ টকা বৃদ্ধি কৰি ২,২৫৩ টকা কৰা হয়। লগতে, চলিত বৰ্ষৰ ১ মাৰ্চত বাণিজ্যিক এলপিজিৰ মূল্য ১০৫ টকা বৃদ্ধি কৰা হয়।
Comments