গুৱাহাটী,৮ মে':অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলপূৰ্ণ কৰ্মস্পৃহাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতেই সমাদৃত হৈ আহিছে।ভাৰতৰ আগশাৰীৰ মুখ্যমন্ত্ৰী সকলৰ ভিতৰত ডঃ হিমন্ত বিশ্ব শৰ্মা হৈছে অন্যতম।অসমৰ যুৱ-প্ৰজন্মৰ মাজত 'মামা' ৰূপে জনপ্ৰিয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকটো ভাল কামতেই অসমৰ জনগণে শলাগ লৈ আহিছে। আনহাতে কেতিয়াবা যদি তেখেতৰ আক্ৰমণাত্মক ৰূপ আৰু কেতিয়াবা হাস্যৰসিক ৰূপে ফেচবুক পেজ সমূহৰ এডমিনক যথেষ্ট সকাহ দিয়ে। ডঃ হিমন্ত বিশ্ব শৰ্মা ফেচবুক পেজৰ এডমিন সকলৰ বাবে 'পপুলাৰ ট'পিক'।নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিলক সোধা হৈছিল পিতৃক লৈ প্ৰায়ে ভাইৰেল হৈ থকা ফেচবুক প'ষ্টবোৰৰ কথা; নন্দিলৰো ৰসিক উত্তৰ,"আমি সেইবোৰ ঘৰত একেলগে চাই ভালহে পাওঁ।"
তেনে এটা ফেচবুক প'ষ্ট এতিয়া খুবেই ভাইৰেল হৈ পৰিছে।বিগত বৰ্ষৰ শেষৰ ফালে গুৱাহাটীৰ পাণ্ডুত নিবেদিতা লহকৰ আৰু হিৰণ শইকীয়াৰ বিবাহ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল আৰু উক্ত অনুষ্ঠানতেই তোলা এখন ফটো এতিয়া ফেচবুক পেজবোৰৰ জৰিয়তে খুবেই ভাইৰেল হৈ পৰিছে।'The Wedding Photograph' ৰ প্ৰতিষ্ঠাপক তথা এই ভাইৰেল ফটোখন তোলা জনপ্ৰিয় ফটোগ্ৰাফাৰ সিদ্ধাৰ্থ প্ৰতীম শইকীয়াই দৈনিক জনমভূমিৰ সৈতে হোৱা এক ব্যক্তিগত সাক্ষাৎকাৰত কয়,"সঁচাকৈ এই ফটোখন বহুত ভাইৰেল হৈ পৰিছে।আমি আৰু এনেকুৱা ভাল ফটো তুলিম বুলি সকলো ব্যৱস্থা কৰি থৈছিলো, কিন্তু মুখ্যমন্ত্ৰী মহোদয় অহাৰ লগে লগে সকলো থান বান হৈ গৈছিল।বিবাহ গৃহত হঠাতে মানুহৰ ভিৰ বাঢ়ি গৈছিল,তেখেতৰ লগত মানুহৰ চেলফি লোৱাৰ ব্যস্ততাৰ বাবে আমি আমাৰ মনৰ অনুযায়ী ফটো মাৰিব নোৱাৰিলোঁ।"
ফটোগ্ৰাফীৰ প্ৰতি থকা নিচাক লৈ সিদ্ধাৰ্থ প্ৰতীম শইকীয়াই লগতে কয়,"ফটোগ্ৰাফীৰ প্ৰতি থকা নিচা মোৰ বহু পুৰণি।কিন্তু ইয়াক বিচাৰি পাওঁতেহে মোৰ অলপ সময় লাগিল।মই গুৱাহাটীতেই ডাঙৰ দীঘল হৈছোঁ।স্কুলিং মই কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ পৰা কৰিছিলোঁ আৰু তাৰ পৰাই দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত মই তামিলনাডুৰ আন্নামালাই বিশ্ববিদ্যালয়,চিদাম্বৰমৰ পৰা ইলেকট্ৰনিক্স আৰু কমিউনিকেশ্যনত বি.ই কৰিছিলোঁ।তাৰ পিছত মই ২০১৫ ৰ পৰা দুটা বছৰলৈ দিল্লী আৰু হাৰিয়ানাৰ ব্যক্তিগত খণ্ডত চাকৰি কৰিছিলোঁ।কিন্তু তাত মনৰ শান্তি বিচাৰি নোপোৱাত অসমলৈ পুনৰ ঘুৰি আহি গুৱাহাটীত নিজাকৈ কিবা এটা কৰাৰ মন কৰিলোঁ।ইয়াত আহিয়েই মই কম্পিউটাৰ কোচিং চেণ্টাৰ এটাত যোগদান কৰিলোঁ আৰু ব্যক্তিগত ভাৱে টিউশ্যন কৰাৰ আৰম্ভ কৰিছিলোঁ।তেতিয়াই মই এখন ব্যক্তিগত বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰাৰ সমান্তৰালকৈ উৎপল বৰুৱাৰ ফটোগ্ৰাফী ইনষ্টিটিউটত ছমহীয়া ডিপ্লমা ক'ৰ্চত নামভৰ্তি কৰিলোঁ।মই তাতেই কলাত্মক দৃষ্টি ভংগীৰে ফটোগ্ৰাফী কৰা শিকিলোঁ।"
"ইয়াৰ পিছত মই ২০১৮ বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত নামভৰ্তি কৰিছিলোঁ।এটা দীঘলীয়া বিৰতিৰ মূৰত আকৌ অধ্যয়ন।এতিয়া মই ফটোগ্রাফীক মোৰ পেচা হিচাপে লৈছোঁ আৰু অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ বিবাহ বা অন্য কোনো ব্যক্তিগত অনুষ্ঠানৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰোঁ। মোৰ এটা ডাঙৰ টিম আছে,আমি সকলোৱে মিলি ইয়াক 'The Wedding Photograph' নাম দিছোঁ।মই ভাৱো বৰ্তমান যুগত আমাৰ যদি কৌশল আৰু কামৰ মানদণ্ড উন্নত হয়, তেন্তে সকলোৱে খুব কম সময়ৰ ভিতৰতেই আদৰি লয়।এই ফটোখনো ঠিক তেনেধৰণৰ,হঠাৎ ভাইৰেল হৈ পৰিছিল।মোক কেইজনমান বন্ধুৱে ফটোখন শ্বেয়াৰ কৰাতহে গম পালোঁ।এতিয়া সকলোৱে নিজৰ ভাল লগা মূহুৰ্তবোৰ সাঁচি ৰাখিবলৈ ইচ্ছা কৰে আৰু তেনেস্থলত যদি আমি ভাল কাম কৰোঁ তেন্তে নিশ্চয় মানুহে আদৰি ল’ব৷"
Comments