গুৱাহাটী,৯ মে':আলফাত গুপ্তচৰ সম্পৰ্কে অৱশেষত মুখ খুলিছে অসম আৰক্ষীয়ে । আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰিত লিপ্ত হোৱা বুলি অভিযোগ তুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক সংগঠনটোৱে মৃত্যুদণ্ড বিহা ঘটনাক লৈ অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।সংবাদ মাধ্যমত ভাস্কৰ জ্যোতি মহন্তই কয় যে, আলফাৰ এইটো আভ্যন্তৰীণ বিষয় ৷ ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই। তেওঁ কয়, এতিয়া চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত আলোচনাৰ এটা পৰিৱেশ সূচনা হোৱাৰ পাছত আৰক্ষীয়ে এনে মূৰ্খামি কিয় কৰিব ? আমি কোনো গুপ্তচৰ পঠিয়াই এই আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত নজন্মাও ।
অসম আৰক্ষীয়ে বিভিন্ন অভিযান চলায় । কিন্তু আলফালৈ গুপ্তচৰ প্ৰেৰণৰ নজিৰ আজিলৈকে নাই । তিনি দশক জোৰা তথাকথিত সংগ্ৰামত আলফাই বহু যুৱকক হত্যা কৰিলে । আলফালৈ যিবোৰ ল'ৰা গৈছে সেইসকলৰ কিমানক তেওঁলোকে গোপনে হত্যা কৰিলে তাৰ লেখ-জোখ নাই । নিজৰ আভ্যন্তৰীণ সমস্যাৰ গইনা লৈ আলফাই নিজৰ সদস্যক হত্যা কৰাতো ঘৃণনীয় কাম ।এনে কাম সাহসী মানুহে নকৰে।
Comments