গুৱাহাটী,৯ মে':মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এবছৰীয়া কাৰ্যকালক সামগ্ৰিকভাৱে হতাশাৰ বছৰ বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। দেওবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সংবোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, চৰকাৰৰ জনবিৰোধী নীতি তথা কাৰ্যকলাপৰ বাবে ৰাইজ আজি হতাশাগ্ৰস্ত হৈ পৰিছে ।মানুহৰ মাজত বিভাজনকামী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্প চটিয়াই দিয়া হৈছে ।
২০২৬ চনত এ আই ইউ ডি এফ দলে অসমত চৰকাৰ গঠন কৰিব বুলি ৰাইজৰ মাজত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটো বিজেপিৰ চৰিত্ৰ বুলি উল্লেখ কৰি বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ ব্যৰ্থতাৰ এটা বছৰৰ ৭টা বৈশিষ্ট্য দাঙি ধৰে । তেওঁ কয় যে, আৰ্থিক দৈন্যতাই মানুহক কোঙা কৰি পেলাইছে ।মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা বছৰত অসমখন দুখীয়া কৰি পেলোৱাৰ কথা ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, অসমবাসীক মূল্যবৃদ্ধিৰ জৰিয়তে কোঙা কৰি পেলাব হৈছে । ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যে শাসন ভাৰ লোৱাৰ সময়ত হোৱা মূল্যবৃদ্ধিৰ বিপৰীতে এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দায়িত্ব ভাৰ লোৱাৰ এবছৰীয়া কাৰ্যকাললৈ অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ দুগুণ মূল্যবৃদ্ধি হৈছে ।এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ।
Comments