গুৱাহাটী,৯ মে':কালি নিশা অসমত আহি উপস্থিত হৈছে অমিত শ্বাহ।আজি আৰু মঙলবাৰে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে । এই সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্তলৈ যাব, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় উদ্বোধন কৰিব আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনত অংশগ্ৰহণ কৰিব ।
সূত্ৰৰ মতে, অমিত শ্বাহে পোন প্ৰথমে সোমবাৰে মানকাচৰত এটা সীমান্ত আৰক্ষী চকী (BOP) পৰিদৰ্শন কৰিব । তাৰ পাছত আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত বিএছএফ জোৱানসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰিব । তাৰ পাছতে গৃহমন্ত্ৰীয়ে বিএছএফৰ কেন্দ্ৰীয় বিপনী আৰু কৰ্মশালা উদ্বোধন কৰিব আৰু তামুলপুৰত খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰী মুকলি কৰিব ।সন্ধিয়া তেওঁ গুৱাহাটীৰ সমীপৰ আমিনগাঁৱত লোকপিয়ল কাৰ্যালয় আৰু এছএছবি ভৱন উদ্বোধন কৰিব ।
অমিত শ্বাহে গুৱাহাটীত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু নেশ্যনেল ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ো উদ্বোধন কৰিব। মঙলবাৰে গৃহমন্ত্ৰীয়ে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষীৰ আনুষ্ঠানিক কুচকাৱাজ পৰিদৰ্শন কৰিব আৰু জোৱানসকলৰ সৈতে মধ্যাহ্ন ভোজন কৰিব । বিয়লি তেওঁ মহানগৰীত আৰক্ষী আয়ুক্ত ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিব ।গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ৰাজ্য চৰকাৰেও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ একপ্ৰকাৰ সাজু হৈছে ।
Comments