গুৱাহাটী, ১০ মেঃ সোমবাৰে সাংবাদিকতা, কিতাপ, নাটক আৰু সংগীতত পুলিৎজাৰ বঁটা ২০২২ বিজয়ীৰ নাম ঘোষণা কৰা হয়।
বিজয়ীৰ তালিকাত ৱাশ্বিংটন পোষ্টকে ধৰি সাংবাদিকতাত ভাৰতৰ ৰয়টাৰৰ আদনান আবিদি, ছান্না ইৰশাদ মাট্টু, অমিত ডেভ আৰু স্বৰ্গীয় ডেনিছ চিদ্দিকী অন্তৰ্ভুক্ত হৈ আছে।
ইউক্ৰেইনৰ সাংবাদিকসকলক ২০২২ চনৰ পুলিৎজাৰ বঁটা বিশেষ প্ৰশংসাপত্ৰৰে স্বীকৃতি দিয়া হৈছে। আনহাতে সাংবাদিকতাৰ শীৰ্ষ সন্মানৰ জুৰিয়ে কেপিটলত ৬ জানুৱাৰীত হোৱা আক্ৰমণ, আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ আৰু ফ্লৰিডাত চাৰ্ফচাইড কণ্ডোমিনিয়ামৰ পতনৰ কভাৰেজক স্বীকৃতি দিছে।
ইপিনে, আদনান আবিদি, চান্না ইৰশাদ মাট্টু আৰু অমিত ডেভৰ জীৱিতভাৱে লগতে ৰয়টাৰৰ ফটোগ্ৰাফাৰ স্বৰ্গীয় ডেনিছ চিদ্দিকীক ভাৰতৰ ক'ভিড মহামাৰীৰ বিভীষিকাময় ছবিৰ বাবে মৰণোত্তৰভাৱে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। চিদ্দিকী যোৱা বছৰ আফগান বিশেষ বাহিনী আৰু তালিবান বিদ্ৰোহীসকলৰ মাজত সংঘৰ্ষৰ দৃশ্য গ্ৰহণ কৰি থকা অৱস্থাতে নিহত
Comments