Cartoon
View Older
গুৱাহাটী,১০ মে':তৃণমূল কংগ্ৰেছত যোগ দিবলৈ সাজু হৈছে অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ আৰু একাংশ সদস্য । ১১ মে'ত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হব অসম তৃণমূল কংগ্ৰেছৰ এক বিশাল যোগদান কাৰ্যসূচী। বৰাই লগতে কয় যে, ১১ মে'ৰ এই যোগদানৰ কাৰ্যসূচীত উপস্থিত থাকিব তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী,দলৰ সাংসদ শান্তনু সেন আৰু সুস্মিতা দেৱ।
অসম জাতীয় পৰিষদ, বিজেপি আৰু আপৰ সহস্ৰাধিক সদস্যই ১১ মে'ত অসম তৃণমূল কংগ্ৰেছত যোগ দিব বুলি প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰাই। আনহাতে, চলিত মে' মাহৰ ভিতৰতে দলটোৰ জিলা সমিতিসমূহৰো গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি আজি ৰিপুণ বৰাই প্ৰকাশ কৰে ।
Comments