গুৱাহাটী,১০ মে':শ্রীলংকাত শাসক দলৰ এজন সাংসদ গণৰোষৰ বলি হৈ মৃত্যুৰ হোৱাৰ পাছত এইবাৰ জ্বলাই দিয়া হ’ল আন এজন এমপি আৰু প্রাক্তন মন্ত্রীৰ বাসগৃহ । শ্রীলংকাৰ স্থানীয় সংবাদমাধ্যম মাৰফত প্রকাশ্যত অহা ভিডিঅ’ত মাউন্ট লাফিনিয়াত দেশৰ প্রাক্তন মন্ত্রী জনছন ফার্নাণ্ডোৰ বাসগৃহ জ্বলি থকা দেখা পোৱা গৈছে । শ্রীলংকাত আইনসভাত শাসক দলৰেই সদস্য সনৎ নিশান্তৰ আবাসগৃহতো বিক্ষোভকাৰীসকলে আক্রমণ কৰি জুই জ্বলাই দিছে বুলি অভিযোগ উত্থাপন হৈছে।
বিগত কেইবা মাহ ধৰি অর্থনৈতিক সংকটত যুঁজি থকা শ্রীলংকাত প্রবল বিক্ষোভৰ সন্মুখীন হৈ সোমবাৰে প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিলে মাহিন্দা ৰাজাপক্ষেই । তেওঁৰ পদত্যাগৰ পাছতেই অমৰকীর্তি আতুকোহালা নামে শাসক দলৰ এজন এমপি-ৰ মৃত্যু হয় গণৰোষত ।শ্রীলংকাৰ স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, বিক্ষোভত গাড়ী আবদ্ধ হৈ যোৱাত তেওঁ বিক্ষোভকাৰীসকলক লক্ষ্য কৰি গুলি চলাইছিল । ইয়াৰ পাছতেই তেওঁৰ নিঠৰ দেহ উদ্ধাৰ হয় ।
এই খবৰক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে এমপি সনৎ আৰু প্রাক্তন মন্ত্রী জনছনৰ বাসগৃহত বিক্ষোভকাৰীসকলৰ আক্রমণৰ খবৰ প্রকাশ্যত আহিল । স্থানীয় সংবাদমাধ্যমৰ দাবী, ৰাজাপক্ষেই পদত্যাগ কৰাৰ পাছতেই দেশৰ বিভিন্ন স্থানত শান্তিপূর্ণ বিক্ষোভকাৰীসকলৰ ওপৰত আক্রমণ চলায় শাসকদলৰ কর্মচাৰী-সমর্থকসকলে । ইয়াৰ পাছতেই আক্ৰমণমুখী হৈ শাসকদলৰ নেতাসকলৰ ওপৰত আক্ৰমণ চলোৱা আৰম্ভ কৰে বিক্ষোভকাৰীসকলে ।
Comments