গুৱাহাটী, ৯ মেঃ অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাঁচী বিমানবন্দৰত ইণ্ডিগো এয়াৰলাইনছে শনিবাৰে আন যাত্ৰীসকলৰ অসুবিধাৰ কথা উল্লেখ কৰি এটা বিশেষভাৱে সক্ষম শিশুক আৰু তেওঁৰ পৰিয়ালক বাধা প্ৰদান কৰাত তদন্তৰ নিৰ্দেশ দিছে।
ঘটনা সন্দৰ্ভত গুৰুত্বসহকাৰে দৃষ্টি ভংগ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ তদন্তৰ আশ্বাস দিয়ে।
তেওঁ এই সন্দৰ্ভত কয় যে, "এনে আচৰণৰ প্ৰতি শূণ্য সহনশীল নীতি বলবৎ কৰা হ'ব। কোনো মানুহে সাৰি যাব নোৱাৰে। বিষয়টো মই নিজে অনুসন্ধান কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম।"
ইপিনে, ঘটনাটো ৰাঁচীৰ বিৰচা মুণ্ডা বিমানবন্দৰত সংঘটিত হৈছে আৰু শোডাউনৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে। যত, জানিব পৰা গৈছে যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ (ডিজিচিএ) মুৰব্বীয়ে এই বিষয়ত ইণ্ডিগ'ৰ পৰা প্ৰতিবেদন বিচাৰিছে।
আনহাতে, পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি ইণ্ডিগ' এয়াৰলাইনছে কৈছে যে, বিশেষভাৱে সক্ষম শিশুটো আতংকিত হৈ থকাৰ লগতে শান্ত নোহোৱালৈকে মাক দেউতাক সহ শিশুটোৱে উৰা মাৰিব নোৱাৰিলে।"
লগতে, প্ৰতিবেদনসমূহে এইটোও পৰামৰ্শ দিয়ে যে ইণ্ডিগ'ৰ গ্ৰাউণ্ড ষ্টাফসকলে বুজাইছে যে বিশেষভাৱে সক্ষম শিশুটো উৰা মাৰিবলৈ অযোগ্য আছিল আৰু যিদৰে সুৰাপান কৰা যাত্ৰীসকলে ভ্ৰমণ কৰিবলৈ অযোগ্য বুলি বিবেচিত হয়।
এয়াৰলাইনটোৱে পৰিয়ালটোক হোটেলত থকাৰ যোগান ধৰি আৰামদায়ক পৰিৱেশ প্ৰদান কৰে আৰু পৰিয়ালটোৱে দেওবাৰে পুৱা তেওঁলোকৰ গন্তব্যস্থানলৈ উৰা মাৰে।
আনহাতে, ইণ্ডিগ'ই এক অন্তৰ্ভুক্ত সংগঠন হিচাপে গৌৰৱ কৰে, সেয়া কৰ্মচাৰী বা গ্ৰাহকৰ বাবে হওঁক; আৰু প্ৰতি মাহে ইণ্ডিগ'ৰ সৈতে ৭৫ হাজাৰৰো অধিক বিশেষভাৱে সক্ষম যাত্ৰীয়ে উৰা মাৰে বুলি ইণ্ডিগোৱে এক বিবৃতিত কয়।
এই ঘটনাটো ৭ মে'ত সংঘটিত হৈছে আৰু পৰিয়াল আৰু বিমান সেৱাৰ কৰ্মচাৰীৰ মাজত হোৱা তৰ্কৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছত এইটো পোহৰলৈ আহিছে আৰু পিছত ই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হয়।
Comments