গুৱাহাটী,৯ মে' : দেশত আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা। চাৰ ধাম যাত্ৰাৰ বাবে সাজু হৈছে দেশ-বিদেশৰ লাখ লাখ ভক্ত । ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ সীমিত সংখ্যক ভক্তই চাৰ ধাম যাত্ৰাৰ সুযোগ লাভ কৰিছিল । কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে তীৰ্থযাত্ৰাৰ বাবে ভক্তৰ আগমন আৰম্ভ হৈছে ।
চাৰ ধামৰ অন্যতম কেদাৰনাথ মন্দিৰৰ দুৱাৰ ইতিমধ্যে ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে। সমান্তৰালকৈ চাৰ ধামৰ অন্যতম বদ্ৰীনাথ মন্দিৰো দেওবাৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ল।যাৰবাবে বদ্ৰীনাথ মন্দিৰটো ফুল আৰু ভিন্ন প্ৰকাৰৰ লাইটেৰে সজাই তোলা হৈছে । মন্দিৰৰ দুৱাৰ মুকলিৰ পূৰ্বেই অগণন ভক্তই মন্দিৰ চৌহদত ভিৰ কৰা পৰিলক্ষিত হৈছে ।ইফালে মন্দিৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।চাৰ ধামৰ অন্তৰ্গত বাকী তিনিটা প্ৰাচীন তীৰ্থস্থানৰ ভিতৰত আছে যমুনোত্ৰী, গঙ্গোত্ৰী আৰু কেদাৰনাথ ।
এই মন্দিৰ উত্তৰাখণ্ডৰ বদ্ৰীনাথ চহৰত অৱস্থিত । প্ৰতি বছৰে ছয় মাহৰ বাবেহে ভক্তৰ বাবে খোলা থাকে এই মন্দিৰ । সেয়ে ৬ মাহৰ অন্তত মন্দিৰ খোলাৰ লগে লগে ভক্তসকলে ভিৰ কৰা দেখা যায় । কেদাৰনাথ মন্দিৰো শুকুৰবাৰে পুৱা ভক্তসকলৰ বাবে মুকলি কৰা হৈছিল । উত্তৰকাশী জিলাৰ গঙ্গোত্ৰী আৰু যমুনোত্ৰী মন্দিৰো অক্ষয় ত্ৰিটিয়াৰ দিনটোত মুকলি কৰা হয় । লগে লগে বাৰ্ষিক চাৰ ধাম যাত্ৰা আৰম্ভ হয় ।চাৰ ধাম যাত্ৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰো অধিক তৎপৰ হোৱা দেখা গৈছে।
ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে চাৰ ধামলৈ অহা তীৰ্থযাত্ৰীৰ অনুমতিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব। জানিব পৰা মতে বদ্ৰীনাথত দৈনিক মুঠ ১৫,০০০ গৰাকী তীৰ্থযাত্ৰী, কেদাৰনাথত ১২,০০০ গৰাকী, গঙ্গোত্ৰীত ৭,০০০ গৰাকী আৰু যমুনোত্ৰীত ৪,০০০ গৰাকী তীৰ্থযাত্ৰীকহে অনুমতি দিয়া হ'ব । অৱশ্যে এই ব্যৱস্থা প্ৰথম ৪৫ দিনৰ বাবে কৰা হৈছে । এই বছৰ, তীৰ্থযাত্ৰীসকলে ক'ভিড পৰীক্ষাৰ নিগেটিভ প্ৰমাণপত্ৰ বা টীকাকৰণ প্ৰমাণপত্ৰ লগত অনাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।
Comments