গুৱাহাটী, ১০ মেঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বিগত ৭৫ দিন ধৰি যুদ্ধ চলি আছে আৰু ইয়াৰ মাজতে ৯ মে, ২০২২ তাৰিখে মস্কোত বিজয় দিৱসৰ কুচকাৱাজ কৰা হৈছে। এই সকলোবোৰৰ মাজতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শীঘ্ৰেই পিতৃ হোৱাৰ বাতৰি ব্যাপকভাৱে বিয়পি পৰিছে।
কোৱা হৈছে যে পুটিনৰ কথিত প্ৰেমিকা আৰু প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভা গৰ্ভৱতী হৈছে। ইয়াৰ মাজতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই বছৰৰ অক্টোবৰত ৭০ বছৰ বয়সত ভৰি দিব।
এক বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, ৩৮ বছৰীয়া আলিনা কাবায়েভা গৰ্ভৱতী হৈছে। অৱশ্যে, ভ্লাদিমিৰ পুটিনে তেওঁৰ প্ৰেমিকা পুনৰ গৰ্ভৱতী বুলি জানি স্তম্ভিত হৈ পৰিছে। যেতিয়া বিজয় দিৱসৰ কুচকাৱাজৰ বাবে প্ৰস্তুতি চলাই থকা পুটিনে আলিনা কাবায়েভাৰ গৰ্ভধাৰণৰ খবৰ লাভ কৰিলে, তেতিয়া তেওঁ যথেষ্ট ক্ষোভিত হৈ পৰে।
কিয়নো তেওঁ ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুত নাছিল আৰু কোনো পৰিকল্পনা কৰা নাছিল। লগতে, পুটিনে বিজয় দিৱসৰ কুচকাৱাজৰ সময়ত তেওঁৰ মিছাইল প্ৰদৰ্শন কৰা প্ৰতিযোগিতাখনত কোনোধৰণৰ ব্যাঘাত হোৱাটো বিচৰা নাই।
ভ্লাদিমিৰ পুটিনে দীৰ্ঘদিন ধৰি ৩৮ বছৰীয়া প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভাৰ সৈতে ব্যক্তিগত সময় অতিবাহিত কৰি আহিছে। ইপিনে, আলিনা হৈছে এগৰাকী জিমনাষ্ট আৰু তেওঁ অলিম্পিক, ১৪ খন বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আৰু ২৫ খন ইউৰোপিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত দুবাৰকৈ সোণৰ পদক জিকিছে। ক্ৰীড়াৰ পৰা অৱসৰ লোৱাৰ পিছত, আলিনাই ৰাজনীতিত যোগদান কৰে আৰু পুটিনৰ ইউনাইটেড ৰাছিয়া দলৰ সাংসদ হয়।
ভ্লাদিমিৰ পুটিন আৰু আলিনা কাবায়েভাৰ ইতিমধ্যে দুটা পুত্ৰ সন্তান আছে। আলিনাই ২০১৫ চনত প্ৰথম পুত্ৰ আৰু ২০১৯ চনত দ্বিতীয় পুত্ৰৰ জন্ম দিয়ে। যদিও পুটিনে কেতিয়াও তেওঁৰ আৰু আলিনাৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই।
ভ্লাদিমিৰ পুটিনৰ জন্ম ১৯৫২ চনত ছেইণ্ট পিটাৰ্ছবাৰ্গত হয়। ১৯৭৫ চনত পুটিনে ৰাছিয়াৰ গোপন সংস্থা কেজিবিত যোগদান কৰে আৰু তাৰ পিছত ৰাষ্ট্ৰপতি হয়। পুটিনৰ ব্যক্তিগত জীৱন, যি এসময়ত এজন গোপন এজেণ্ট আছিল, সেয়েহে বৰ্তমান সময়ত অতি গোপনীয়ভাৱে তেওঁৰ পৰিয়ালক পৃথিৱীৰ পৰা লুকুৱাই ৰাখিছে।
Comments