গুৱাহাটী, ১০ মেঃ কিউবাৰ ৰাজধানী হাভানাত এটা প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বিস্ফোৰণ কাণ্ডটো চহৰখনৰ এখন বিলাসী হোটেলত সংঘটিত হৈছে। এই বিস্ফোৰণত প্ৰায় ৩১ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। সাহায্যৰ কামত নিয়োজিত দলটোৱে এতিয়াও মানুহবোৰক বিচাৰি আছে।
ইপিনে, এই বিস্ফোৰণটোৱে হোটেলখনৰ চাৰিওফালৰ অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত কৰিছে। শুক্ৰবাৰে হাভানাৰ ৯৬ টা কোঠাৰ পঞ্চতাৰকৈ 'হোটেল চাৰাটোগা'ত বিস্ফোৰণ সংঘটিত হয়। উনবিংশ শতিকাৰ এই হোটেলখন পুৰণি হাভানাত অৱস্থিত। বিস্ফোৰণৰ সময়ত তাত মেৰামতিৰ কাম চলি আছিল। হোটেলখন মঙলবাৰে খোলাৰ কথা আছিল। বিস্ফোৰণৰ ফলত হোটেলখনৰ চাৰিওফালে থকা কেইবাটাও অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে।
এই ঘটনা সন্দৰ্ভত অভ্যন্তৰীণ মন্ত্ৰালয়ে কৈছে যে, "মৃতসকলৰ ভিতৰত চাৰিগৰাকী নাবালক, এগৰাকী গৰ্ভৱতী মহিলা আৰু এগৰাকী স্পেনীয় নাগৰিক আছে। দুৰ্ঘটনাটোত ৫৪ জন লোক আহত হৈছে, যাৰ ভিতৰত ২৪ জন চিকিৎসালয়ত ভৰ্তি হৈছে।
শনিবাৰে সন্ধিয়ালৈকে, ১৯ টা পৰিয়ালে তেওঁলোকৰ প্ৰিয়জনৰ সন্ধানহীন হোৱাৰ খবৰ দিছে, কিন্তু কৰ্তৃপক্ষই দেওবাৰলৈ কোনো লোকৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই।"
ইপিনে, এই হোটেলখন 'গ্ৰুপো দি টুৰিচমো গাভিওটা এছ এ'ৰ অন্তৰ্গত। বিষয়াসকলে কৈছে যে, "বিস্ফোৰণৰ কাৰণ জানিব পৰা গৈছে, এইটো বিশ্বাস কৰা হৈছে যে বিস্ফোৰণটো গেছ লিক হোৱাৰ ফলত সংঘটিত হৈছে।"
Comments