গুৱাহাটী,১০ মে':ইউক্ৰেইনত আক্ৰমণৰ ফলত ৰাছিয়াৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কেবাখনো পশ্চিমীয়া দেশে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। জি-৭ দেশসমূহৰ মতে, ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰা হ’ব।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ স’তে এক ভাৰ্চুৱেল বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হৈছিল।ইয়াৰ উপৰিও কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী জিল বাইডেনে দেওবাৰে ইউক্ৰেইন ভ্ৰমণ কৰে।বিভিন্ন সূত্ৰ অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জি-৭ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হ’ব পাৰে। ২০২১ চনতো এই সভালৈও আমন্ত্ৰণ জনোৱা হৈছিল মোদীক।
পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল আমদানি কৰে। মুখত ৰুছ বিৰোধিতা কৰিলেও তেল আমদানি কৰাৰ বিষয়ে তেওঁলোকৰ ফালে বাৰে বাৰে আঙুলি তোলা হৈছে। সেই কথা মনত ৰাখি জি-৭ দেশসমূহে কয়, “আমি ৰাছিয়াৰ শক্তিৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাৰ পৰা আমি ওলাই আহিব লাগিব।”
Comments