Cartoon
View Older
গুৱাহাটী,৪ ছেপ্টেম্বৰ:দেশৰ এজন আগশাৰীৰ ব্যৱসায়ী চাইৰাছ মিষ্ট্ৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। মহাৰাষ্ট্ৰৰ পালঘৰ ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। তাতে অকালতে শেষ নিশ্বাস ত্যাগ কৰে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে।
পালঘৰৰ আৰক্ষী অধীক্ষকৰ মতে, চৰোতি পালঘৰৰ সূৰ্য নদীৰ ওপৰত সংঘটিত হৈছে এই ঘটনা। আহমেদাবাদৰ পৰা মুম্বাইলৈ উভতি আহি আছিল চাইৰাছ। বাটত এটা সমস্যা ঘটি গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত চাইৰাছে প্ৰাণ হেৰুৱালে। এই দুৰ্ঘটনাত আহত হয় আৰু দুজন লোক।
Comments