গুৱাহাটী,৫ ছেপ্টেম্বৰ: জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে দেওবাৰে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰে । কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত গোলাম নবী আজাদে প্ৰথমবাৰলৈ ৰাজ্যখনত এক জনসভা সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ অৱশ্যে, তেওঁ এই নতুন দলটোৰ নাম উল্লেখ কৰা নাই । জনসভাখন সম্বোধন কৰি তেওঁ কয় যে ৰাইজেই দলটোৰ নাম আৰু প্ৰতীক চিহ্ন নিৰ্ণয় কৰিব ।
তেওঁ জনতাক উদ্দেশ্যি কয় যে, "আমি আমাৰ দলৰ হিন্দুস্তানী নাম ৰাখিম । আমি পূৰ্ণ ৰাজ্যৰ দাবী চৰকাৰৰ সন্মুখত ৰাখিম । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা, ইয়াৰ নাগৰিকসকলৰ বাবে ভূমি আৰু চাকৰিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু কাশ্মীৰী পণ্ডিতসকলক ওভতাই অনা আৰু পুনৰ্সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়াই হ’ব দলৰ মূল উদ্দেশ্য । তেওঁ আৰু কয় য়ে, বাহিৰাগত কোনেও জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰিব তথা চৰকাৰী চাকৰি পাব নোৱাৰিব ৷" উল্লেখ্য যে, গোলাম নবী আজাদৰ সমৰ্থনত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী, আঠজন প্ৰাক্তন মন্ত্ৰী, এজন প্ৰাক্তন সাংসদ, নজন বিধায়ক আৰু বৃহৎ সংখ্যক পঞ্চায়তী ৰাজ সংস্থানৰ সদস্য, নাগৰিক পৰিষদ আৰু তৃণমূল কৰ্মীয়ে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰে । আজাদক দেওবাৰে জম্মু বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত তেওঁক বহু সংখ্যক সমৰ্থকে আদৰণি জনায় আৰু তাৰ পিছত এক শোভাযাত্ৰাৰে জনসভালৈ লৈ যায় ।
Comments