Cartoon
View Older
গুৱাহাটী,৬ ছেপ্টেম্বৰ:অসমৰ লগতে দেশজুৰি গাড়ী চুৰি চক্ৰৰ অন্যতম কুখ্যাত অপৰাধী হিচাপে পৰিচিত অনিল চৌহানক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে । উল্লেখ্য যে এই কুখ্যাত অপৰাধী ৫ হাজাৰৰাে অধিক গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত । অনিল চৌহানৰ বিৰুদ্ধে দেশজুৰি ৰুজু হৈ আছে ১৮১ টাতকৈ অধিক অপৰাধজনিত ঘটনাৰ গােচৰ।অসমত একাধিকবাৰ গ্ৰেপ্তাৰ হৈ জে’লৰ ভাত খাবলগীয়া হােৱা অনিল চৌহান সম্প্ৰতি নামি পৰিছে মাৰণাস্ত্ৰৰ চােৰাং বেহাত।
দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অনিল চৌহানৰ জিম্মাৰ পৰা জব্দ কৰা হৈছে ৬ টা হস্তনিৰ্মিত পিষ্টল, এখন চাৰিচকীয়া বাহন আৰু এখন বাইক।সম্প্ৰতি চৌহানক জেৰা চলাইছে দিল্লী আৰক্ষীয়ে।উল্লেখ্য যে অসমৰ লগতে দেশৰ বিভিন্ন স্থান অনিল চৌহানে ক’লা ধনেৰে অগাধ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পাহাৰ গঢ়িছে।
Comments