গুৱাহাটী,৪ ছেপ্টেম্বৰ:পশ্চিবঙ্গত উৎপন্ন হোৱা আৱৰ্জনাসমূহৰ পৰিমাণ সঠিক ভাৱে পৰিচালনা নকৰাৰ বাবে বৃদ্ধি পাইছে পৰিৱেশ প্ৰদূষণ । এই অভিযোগ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পশ্চিমবংগ চৰকাৰক ক্ষতিপূৰণ হিচাপে ৩৫০০ কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে । ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যৰ বাজেটত নগৰ উন্নয়ন আৰু পানীৰ কামৰ বাবে ১২,৮১৮.৯৯ কোটি টকা আবণ্টন দিয়া হৈছে। কিন্তু ন্যায়াধিকৰণে ক্ষোভ প্ৰকাশ কৰি কয় যে পশ্চিমবংগ চৰকাৰে আৱৰ্জনা নিষ্কাশনৰ বিষয়টোক পৰ্যাপ্ত গুৰুত্ব কোনোদিনে দিয়া নাই ।
ন্যায়াধিকৰণে কয় যে তেওঁলোকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে হোৱা পৰিৱেশৰ ক্ষতিৰ ক্ষতিপূৰণ এতিয়া ৰাষ্ট্ৰই দিব লাগিব। ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বত গঠন কৰা এখন বিচাৰপীঠে ১ ছেপ্টেম্বৰত এই ৰায়দান প্ৰকাশ কৰে। পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ এন জি টি আইনৰ ১৫ নং ধাৰাত তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
Comments