গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ 'ভাৰত জোৰো যাত্ৰা' আৰম্ভ হৈছে আৰু কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে তামিলনাডুৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে। এই ১৫০ দিনীয়া যাত্ৰাৰ সময়ত, ৰাহুল গান্ধীয়ে এটা কন্টেনাৰত দিন অতিবাহিত কৰিব, য'ত থকা-খোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।
ৰাহুল গান্ধী আৰু তেওঁৰ সৈতে যোৱা যাত্ৰীসকল কোনো পঞ্চতাৰকা হোটেলত আশ্ৰয় নলয় বুলি জানিব পৰা গৈছে। কন্টেনাৰটোত শুবলৈ বিচনা আৰু শৌচালয়ৰ সু-ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ ৫০ টাতকৈও অধিক কন্টেনাৰ প্ৰস্তুত কৰা হৈছে, যি যাত্ৰা অনুসৰি তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ'ব আৰু যাত্ৰা সমাপ্ত হোৱাৰ পিছত প্ৰতিদিনে, যাত্ৰীসকলে একোটা কন্টেনাৰত নিশাটো কটাব।
কংগ্ৰেছৰ 'ভাৰত জোৰো যাত্ৰা' কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ হ'ব আৰু ৩৫০০ কিলোমিটাৰ যাত্ৰাই ১২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চল সাঙুৰি ল'ব। ৰাহুল গান্ধীয়ে বুধবাৰে পুৱা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰ চহৰত উপস্থিত হৈছিল আৰু কাঞ্চীপুৰমত শ্বহীদ স্মাৰকত তেওঁৰ পিতৃ ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জনাইছিল। ইয়াতেই এটা নিৰ্বাচনী জনসভাৰ সময়ত ৰাজীৱ গান্ধীক মঞ্চত এক আত্মঘাতী বিস্ফোৰণৰ দ্বাৰা হত্যা কৰা হৈছিল।
ইপিনে, ভাৰত জোৰো যাত্ৰাৰ বাবে ১১৭ জন কংগ্রেছ নেতাৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। কংগ্ৰেছৰ যুৱ নেতা কানহাইয়া কুমাৰ, পৱন খেদা আৰু পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী বিজয় ইন্দৰ চিংলাকো এই অস্থায়ী তালিকাত স্থান দিয়া হৈছে আৰু তালিকাখনত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কেশৱ চন্দ্ৰ যাদৱ আৰু উত্তৰাখণ্ড কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সম্পাদক বৈভৱ ৱালিয়াৰ উপৰিও বহুতো মহিলা অন্তৰ্ভুক্ত আছে। এই তালিকাত দলীয় কৰ্মীসকলৰ নামও অন্তৰ্ভুক্ত কৰা হৈছে, যিসকলে ৰাহুল গান্ধীৰ সৈতে খোজকাঢ়ি সমগ্ৰ যাত্ৰা সম্পূৰ্ণ কৰিব।
Comments