গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ ত্ৰিপুৰাৰ আগৰতলাত চলোৱা দুটা পৃথক অভিযানত বিগত দুদিনৰ ভিতৰত প্ৰায় ২৭ জন বাংলাদেশী মূলৰ নাগৰিকক আটক কৰা হয়।
আটক কৰা বাংলাদেশী নাগৰিকসকল অবৈধভাৱে আগৰতলাত আছিল আৰু যোৱা তিনি সপ্তাহ ধৰি ত্ৰিপুৰাৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে চুৰি-ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, "আমি গোপন তথ্য লাভ কৰিছিলো যে কিছুমান বাংলাদেশী নাগৰিকে পশ্চিম ত্ৰিপুৰা জিলাৰ অন্তৰ্গত ৰামনগৰ অঞ্চলত বসবাস কৰি আছে। সেই অনুসৰি, সামৰিক চোৰাংচোৱা বিভাগৰ বিষয়াসকলৰ সৈতে আমি এক যুটীয়া অভিযান চলাওঁ।"
আৰক্ষীয়ে লগতে কয় যে, "মঙলবাৰে নিশা মুক্তি সংঘৰ ওচৰৰ এটা পৰিত্যক্ত অট্টালিকাত প্ৰায় ১১ জন লোকক আটক কৰা হয় আৰু পুৱা আদালতত হাজিৰ কৰোৱা হয়।"
ইপিনে, ইয়াৰ এদিন পূৰ্বে ৰাজনগৰ অঞ্চলৰ পৰা ১৬ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা মোবাইল ফোন, আৰু ভাৰতীয় আৰু বাংলাদেশী মুদ্ৰা উদ্ধাৰ কৰিছে।
Comments