গুৱাহাটী, ৮ ছেপ্টেম্বৰ:বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰত ভ্ৰমণৰ সময়ত তিস্তাৰ পানী বিতৰণক লৈ সৃষ্টি হোৱা বিবাদৰ কোনো সমাধান নহ’ল। মঙলবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শ্বেখ হাছিনাৰ বৈঠকৰ পিছত কুছিয়াৰা নদীৰ পানী বিতৰণকে ধৰি মুঠ ৭খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় যদিও তিস্তাৰ উল্লেখ তালিকাত নাই। এক যুটীয়া সংবাদমেলত শ্বেখ হাছিনাই কয় যে কেইবাটাও দ্বিপাক্ষিক বিষয়ত চুক্তি স্বাক্ষৰিত হৈছে। আগন্তুক দিনত বাকী থকা বিষয়সমূহৰ ওপৰতো এক সহমতত উপনীত হোৱাটো সম্ভৱ হ’ব বুলি আশা কৰা হৈছে ৷
১৯৯৬ চনৰ গংগাৰ পানী ভাগ-বতৰা কৰা চুক্তিৰ ডেৰ-দুই দশকৰো অধিক সময়ৰ পাছত নতুন দিল্লী আৰু ঢাকাই পুনৰ নদীৰ পানী ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হ’ল৷ প্ৰসংগক্ৰমে ২০২৬ চনত দুয়োখন দেশে গংগাৰ পানী ভাগ-বতৰা চুক্তি নবীকৰণ কৰিব লাগিব। ১৯৯৬ চনত এই চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল শ্বেখ হাছিনা। তেওঁ আশা প্ৰকাশ কৰে যে মোদীৰ কাৰ্যকালত ‘নিকটতম প্ৰতিবেশী’ ভাৰতৰ সৈতে তিস্তাৰ পানী ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হ’ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক সূত্ৰৰ মতে, তিনি বছৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ তত্বাৱধানত তিস্তাৰ পানী ভাগ-বতৰাৰ এক অন্তৱৰ্তীকালীন চুক্তিৰ খচৰা প্ৰস্তুত কৰা হৈছিল। এই ক্ষেত্ৰত পশ্চিমবংগৰ স্বাৰ্থৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছিল।হাছিনাৰ ভ্ৰমণৰ পূৰ্বে ভাৰতে দুয়োখন দেশৰ মাজত বৈ যোৱা ৫৪ খন নদীৰ পানী ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত বাংলাদেশক এক বিস্তৃত বুজাবুজিৰ প্ৰস্তাৱ দিছিল। সেই দিশত কুছিয়াৰা-চুক্তিক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত কৰা হৈছে। নতুন দিল্লীয়ে আশা প্ৰকাশ কৰিছে যে পৰৱৰ্তী সময়ত যুটীয়া নদী আয়োগৰ ধাৰাবাহিক বৈঠকৰ জৰিয়তে অন্য নদীৰ ক্ষেত্ৰত আপোচ সম্ভৱ হ’ব।
Comments