গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে অপৰাজিত ইনিংছ খেলি বিৰাট ক'হলীয়ে শতক অৰ্জন কৰিছে। বিগত ৩৩ মাহৰ অন্তত বিৰাটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষ কথাটো হ'ল যে বিৰাট ক'হলীয়ে শতক অৰ্জন কৰাৰ পিছতে বিৰাটে প্ৰথমতে আনন্দ মনেৰে ডিঙিত পিন্ধি থকা চেইনডালৰ লকেটোক চুমা খাইছিল আৰু কৈছিল যে, "মোৰ পত্নী অনুষ্কা কঠিন পৰিস্থিতিতো মোৰ সৈতে আছিল। মই অৰ্জন কৰা এই শতক কেৱল মোৰ পত্নী আৰু জীয়ৰী ভামিকাৰ বাবে। " ইয়াৰ লগতে পত্নী অনুষ্কাইও পোষ্টটো শ্বেয়াৰ কৰি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে।
অনুষ্কাই তেওঁৰ ইনষ্টাগ্ৰামত বিৰাটৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে আৰু ইয়াৰ সৈতে তেওঁ এটা হৃদয়স্পৰ্শকাৰী বাৰ্তা শ্বেয়াৰ কৰিছে। বিৰাটৰ ফটো শ্বেয়াৰ কৰি অনুষ্কা শৰ্মাই লিখিছে যে, "সদায় আপোনাৰ সৈতে, যিকোনো আৰু সকলো পৰিস্থিতিতে, সকলো বিষয়ৰ জৰিয়তে।" ইয়াৰ লগতে, বিৰাটে অনুষ্কাৰ পোষ্টত মৰমৰ প্ৰতিক্ৰিয়া দিছে।
Comments