গুৱাহাটী,৭ ছেপ্টেম্বৰ:ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী । এই ভ্ৰমণকালতে মঙলবাৰে নতুন দিল্লীত শ্বেখ হাছিনাই সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । দুয়ো মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত । বৈঠকৰ পিছত ভাৰত আৰু বাংলাদেশ প্ৰাকৃতিক মিত্ৰ আৰু দুয়োখন দেশে এই বন্ধন শক্তিশালী কৰাৰ দিশত কাম কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।
চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অভ্যৰ্থনা জনায় । উল্লেখ্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনা সোমবাৰে আহি ভাৰতত উপস্থিত হৈছিল । নিজৰ ভ্ৰমণকালৰ প্ৰথম দিনটোত তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিছিল হাছিনাই ।
Comments