গুৱাহাটী, ৭ ছেপ্তেম্বৰ: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত এইবাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা । আজিৰে পৰা পৰা আৰম্ভ কৰা হৈছে কংগ্ৰেছৰ এই যাত্ৰা । ১২ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ যাত্ৰা কৰিব এই ভাৰত জোড়ো যাত্ৰাত । এই যাত্ৰাৰ বাবে সময় লাগিব ১৫০ দিন ৷ ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হৈছে কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ৷
প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৭ ছেপ্টেম্বৰ, বুধবাৰে শ্ৰীপেৰুম্বুদুৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰকত এক প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰি এই যাত্ৰা আৰম্ভ কৰিব । উল্লেখ্য যে ইয়াতেই তিনি দশক আগতে সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল ৰাজীৱ গান্ধীৰ ।
কংগ্ৰেছ নেতাগৰাকীয়ে বুধবাৰে সন্ধিয়া কন্যাকুমাৰী সমুদ্ৰতীৰৰ ওচৰত এখন ৰাজহুৱা সভা সম্বোধন কৰি এই যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব । উক্ত অনুষ্ঠানত উপস্থিত থাকিব তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ।এক ভিডিঅ' বাৰ্তাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই জনতাক এই যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই ভ্ৰমণ খুবেই প্ৰয়োজনীয় কিয়নো দেশত নেতিবাচক ৰাজনীতি খেলা হৈছে আৰু জনসাধাৰণৰ সম্পৰ্কীয় প্ৰকৃত বিষয়বোৰ আলোচনা কৰা হোৱা নাই । তেওঁ লগতে কয় যে এই যাত্ৰাৰ উদ্দেশ্য হৈছে মুদ্ৰাস্ফীতি, নিবনুৱাৰ দৰে ৰাজহুৱা বিষয়ত গুৰুত্ব দিয়া ।
Comments