গুৱাহাটী, ৭ ছেপ্টেম্বৰ:ভাৰত আৰু বাংলাদেশে মঙলবাৰে নতুন দিল্লীত দুয়োখন দেশৰ মাজত সম্পৰ্ক বৃদ্ধি কৰাৰ লক্ষ্যৰে ৭খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ভ্ৰমণকাৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পিছত স্বাক্ষৰিত এই বুজাবুজি চুক্তিসমূহ পানীৰ ভাগ-বতৰা, ৰে’ল, মহাকাশ, বিজ্ঞান আৰু ন্যায়পালিকাৰ সৈতে জড়িত।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশৰ মাজত বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আমি আই টি, মহাকাশ আৰু পাৰমাণৱিক খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো।প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ ফলত অসম আৰু বাংলাদেশৰ চিলেট অঞ্চল উপকৃত হ’ব।ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা তেওঁ ৰাষ্ট্ৰপতি ভৱনত হাছিনাক আদৰণি জনায়, য’ত তেওঁক আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
Comments