গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ বিগত কিছুদিন পূৰ্বে প্ৰকাশ পোৱা NEET-2022 পৰীক্ষাত এফিনিতী গ্ৰুপ অৱ ইনষ্টিটিউটৰ শিক্ষাৰ্থীয়ে ব্যাপক সফলতা অর্জন কৰিবলৈ সক্ষম হয়। ইনষ্টিটিউটৰ প্ৰায় ৮৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৩০ জনতকৈ অধিক শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীর্ণ হৈ চিকিৎসক হোৱাৰ সপোন পূৰ্ণ কৰে। এই ২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২ গৰাকীয়ে ৭২০ ৰ ভিতৰত ৬৫০ তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হয়। লগতে, ৯ গৰাকী শিক্ষাৰ্থীয়ে ৭২০ ৰ ভিতৰত ৬০০ + আৰু ৮৫ গৰাকীয়ে ৫৫০+ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰে কেইগৰাকীমান শিক্ষাৰ্থীৰ নাম আৰু তেওঁলোকে লাভ কৰা নম্বৰসমূহ হ'লঃ
আকিমুল ৰহমান ৬৫৪, আছাদুৰ ৰহমান ৬৫০, ৰেজাউল আলম ৬৪২, ৰহুল আমিন ৬২৮, গোলাম মুস্তাফা এছ কে ৬১৮, পিয়াৰুল আলম চৌধুৰী ৬১১, দিপাংকৰ ডেকা ৬০৭, খাদিমুল ৰহমান ৬০২, নাফিছ আছিফ ইকবাল ৬০১, নুৰ মহম্মদ মুস্তাফা ৫৯৭, মেহবুব আলম ছিদ্দিক ৫৯৫, ছোহেইল আখতাৰ ৫৯৫, কৌশিকী পাল ৫৯৪, কুনাল কুন্দন পাঠক ৫৯৩, মচুদ জামান ৫৯৩, মিজানুৰ মিৰ ৫৯৩, ইমৰান হুছেইন ৫৯২, ৰাচিদুল ইছলাম ৫৯০, আজিজুৰ ৰহমান ৫৮৯, এচ ছফিক হুছেইন ৫৮৪, ৰেজাউল কৰিম ৫৮০, কাজল বৰদলৈ ৫৮০, ইলিয়াছ হুছেইন আহমেদ ৫৭৯, মিৰ্জা ফিৰোজ হক ৫৭৯ আৰু জেবিনা ইছলাম ৫৭৮।
ইপিনে, ছাত্ৰ-ছাত্ৰীৰ এই সফলতাত পৰিচালনা সঞ্চালক পবন হাজৰিকাই কয় যে, "চলিত বৰ্ষৰ ফলাফলত আমি যথেষ্ট সুখী। তেওঁলোক একো একোজন সু-চিকিৎসক হৈ ৰাইজক নিৰোগী কৰি ৰাখিব বুলি মোৰ বিশ্বাস আছে। আমি এফিনিতী পৰিয়ালৰ হৈ উত্তৰ-পূৰ্বৰ প্ৰত্যেকগৰাকী অভিভাৱক আৰু শিক্ষাৰ্থীলৈ প্ৰতিশ্ৰুতি আগবঢ়াইছো যে বিগত ৫ বছৰৰ ক্ৰমবৰ্ধিত সফলতাৰ এই জয়যাত্রাৰ ধাৰা আমি অক্ষুণ্ণ ৰাখিম।"
Comments