গুৱাহাটী,৯ ছেপ্টেম্বৰ:বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই বৃহস্পতিবাৰে ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল ৰাণী এলিজাবেথ দ্বিতীয় ৷ বাকিংহাম পেলেচে নিশ্চিত কৰিছে ৰাণী এলিজাবেথ দ্বিতীয় মৃত্যুৰ তথ্য ৷ ইয়াৰ লগতে ১০ দিনৰ ৰাষ্ট্ৰীয় শোকৰো ঘোষণা কৰে বাকিংহাম পেলেচৰ ৷
বাকিংহাম পেলেছে ব্ৰিটেইনৰ পৰৱৰ্তী ৰজা হিছাপে চাৰ্লছক ঘোষণা কৰিব । মাতৃৰ মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁক আনুষ্ঠানিকভাৱে ৰজা ঘোষণা কৰা হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাণী এলিজাবেথে ঘোষণা কৰিছিল যে তেওঁৰ বৰ্তমানৰ ‘কুইন কনচৰ্ট’ হ’ব প্ৰিন্স চাৰ্লছৰ পত্নী কেমিলা, ডাচেছ অৱ কৰ্ণৱাল। গতিকে স্বাভাৱিকতে যেতিয়া চাৰ্লছ ৰজা হ’ব, তেতিয়া কেমিলাই কোহিনুৰ মুকুটটো পিন্ধিব, যিটো আচলতে ৰাণী এলিজাবেথৰ মাকৰ আছিল।
১০৫.৬ কেৰেটৰ কোহিনুৰ হীৰা ভাৰতৰ থলুৱা। চতুৰ্দশ শতিকাত ভাৰতত এই হীৰা পোৱা গৈছিল। ১৮৪৯ চনত ইংৰাজে পঞ্জাৱ দখল কৰিছিল, তেতিয়াই কোহিনুৰ ৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰা হয়। তেতিয়াৰ পৰাই এই হীৰাটোৱে ব্ৰিটিছ শাসকৰ মূৰত শোভা বঢ়াবলৈ ধৰিলে।হীৰাটো এতিয়া প্লেটিনামৰ মুকুটত ৰখা হৈছে। ১৯৩৭ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ পিতৃ ষষ্ঠ জৰ্জৰ অভিষেকৰ বাবে এই মুকুটটো বনোৱা হৈছিল।
Comments