Cartoon
View Older
গুৱাহাটী,১০ ছেপ্টেম্বৰ:২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধন লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰক।গ্ৰেপ্তাৰৰ পিছতে সংবাদমাধ্যমৰ আগত নিজৰ স্থিতিত অটল আছো বুলি মন্তব্য কৰে ভিক্টৰ দাসে।
তেওঁ কয়- "মই ভাগৰা নাই, মই কেতিয়াও নাভাগৰো। মোৰ লগত ৰাইজ আছে। সত্যটো ওলাব লাগে। মোৰ কথা ভিত্তিহীন নহয়। মই শেষ উশাহলৈ মোৰ স্থিতিত অটল থাকিম। অসমবাসীৰ বাবে, মোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মই শেষ পৰ্যায়লৈ যুঁজি যাম। মই নোহোৱা হৈ যাব পাৰো কিন্তু সমাজত ১০ জন ভিক্টৰ দাস দি যাম।মোৰ সকলতকৈ দুখ এইটো লাগিছে যে, মই প্ৰশাসনৰ ওচৰ চাপিছিলো। কিন্তু মোক ওলোতাই গ্ৰেপ্তাৰ কৰিলে ।"
Comments