গুৱাহাটী,১৪ ছেপ্টেম্বৰ:আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিন।তৃতীয় দিনাও বিধানসভাৰ মজিয়া উত্তাল কৰে বিৰোধীয়ে।বুধবাৰে বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বন কৰে অখিল গগৈক। পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল অখিল গগৈয়ে।
অধ্যক্ষই ভালদৰে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগ অখিল গগৈৰ।ইপিনে অখিল গগৈক লাজ নথকা বিধায়ক আখ্যা দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।ৰূপজ্যোতি কুৰ্মীয়ে কয়- অখিল গগৈ লাজ নথকা বিধায়ক। তেওঁ লোকৰ পিঠাৰে বিহু পতা মানুহ। আজিও সদনত অখিল গগৈয়ে লোকৰ পিঠাৰে বিহু পাতিব বিচাৰিছিল।
তেওঁ কয়- অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক। কিন্তু তেওঁ চেঙা সমষ্টিৰ বিষয়েহে মাত মাতে। বিধানসভাৰ মজিয়াৰ পৰা তেওঁ সস্তিয়া ৰাজনীতি কৰিব বিচাৰিছে। তেখেতৰ সমৰ্থনকাৰী দল সংগঠনবোৰে এৰি যোৱাৰ পিছত তেখেতৰ অলপ মতিভ্ৰম হৈছে।সস্তিয়া ৰাজনীতিৰে বিধানসভাৰ মজিয়াৰ পৰা অখিল গগৈয়ে জনপ্ৰিয়তা লাভ কৰাৰ অপপ্ৰয়োগ কৰিছে বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
Comments