Cartoon
View Older
গুৱাহাটী,১৪ ছেপ্টেম্বৰ:নিউয়ৰ্কৰ দক্ষিণ-পূব প্ৰৱেশদ্বাৰৰ পৰা নিউয়ৰ্কৰ চেণ্ট্ৰেল পাৰ্কত সোমাই যোৱা ৰাস্তাত থকা শাৰী পিন্ধা এগৰাকী মহিলাৰ কৌতুহলী ভাস্কৰ্য্যই সৃষ্টি কৰিছে অনন্য এক আকৰ্ষণৰ । বিখ্যাত ব্ৰিটিছ-ভাৰতীয় ভাস্কৰ্য শিল্পী ভাৰতী খেৰে নিৰ্মাণ কৰা ‘এন্সেষ্টাৰ’ শীৰ্ষক ১৮ ফুট ওখ ভাস্কৰ্য্যটো উদ্যানখনত উন্মোচন কৰা হৈছিল ৮ ছেপ্টেম্বৰত।নিউয়ৰ্কৰ পাব্লিক আৰ্ট ফাণ্ডৰ দ্বাৰা এই মূৰ্তিটো নিৰ্মিত ।
এক বিবৃতিত পাব্লিক আৰ্ট ফাণ্ডে এই সৃষ্টিক আটাইতকৈ অভিলাষী শিল্পকৰ্ম বুলি অভিহিত কৰিছে। এন্সেষ্টাৰ্ছ হৈছে মানুহ, জীৱ-জন্তু আৰু পৌৰাণিক সত্তাৰ সৰু সৰু, ভঙা মাটিৰ মূৰ্তিবোৰক পুনৰ একত্ৰিত কৰি সজা এটা বিশেষ মূৰ্তি ।
Comments