গুৱাহাটী, ১৫ ছেপ্টেম্বৰ:বৃহস্পতিবাৰে ঘোষণা কৰিব নেশ্যনেল টেষ্টিং এজেন্সীয়ে অনুষ্ঠিত কৰা CUET (UG) ৰ ফলাফল।ইউজিচিৰ অধ্যক্ষ অধ্যাপক এম জগদেশ কুমাৰে জনোৱা মতে, নিশা প্ৰায় ১০ বজাত ফলাফল ঘোষণা কৰা হ’ব।
দেশজুৰি বিয়পি থকা ৯১খন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিয়লিৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ কথা আছিল।CUET UG ৰ ফলাফলৰ ভিত্তিত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ে প্ৰস্তুত কৰিব তেওঁলোকৰ কাট অফ লিষ্ট। কাট অফ লিষ্টৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীয়ে কলেজসমূহত নামভৰ্তি লাভ কৰিব। যোৱা ৩০ আগষ্টত CUET UG 2022 ৰ ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হয়।
অধ্যাপক কুমাৰে কয় যে পৰীক্ষাৰ আটাইকেইটা পৰ্যায়ৰ বাবে ১৪.৯০ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে আৰু ইয়াৰে প্ৰায় ৬০ শতাংশই সেয়া দিছে ।ভাৰতত ২৩৯ খন চহৰৰ ৪৪৪টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।ভাৰতৰ বাহিৰেও এই পৰীক্ষা অনুষ্ঠিত হৈছিল মাস্কাট, ৰিয়াদ, ডুবাই, মানামা, দোহা, কাঠমাণ্ডু, শ্বাৰজাহ, ছিংগাপুৰ আৰু কুৱেইট আদিত।
দিল্লী বিশ্ববিদ্যালয়কে ধৰি সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তি CUET UG স্ক’ৰৰ ভিত্তিত কৰা হ’ব।ডি ইউ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় য’ত ৮০টা বিভাগ আছে।ডি ইউত স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হয়।ডি ইউত প্ৰায় ৭৯ খন কলেজ আছে, য’ত প্ৰতি বছৰে ৭০ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, বাণিজ্য আৰু সমাজ বিজ্ঞান বিষয়ত নামভৰ্তি কৰে ।
Comments