গুৱাহাটী,১৫ ছেপ্টেম্বৰ:গায়ক ডালেৰ মেহেন্দীক বৃহস্পতিবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক গুৰত্বপূৰ্ণ গোচৰৰ পৰা সকাহ দিয়ে । ২০০৩ চনত মানৱ সৰবৰাহৰ গোচৰত দুবছৰৰ বাবে মেহেন্দীক পাটিয়ালা উচ্চ ন্যায়লয়ে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল,উক্ত সিদ্ধান্তত এতিয়া স্থগিতাদেশ জাৰি কৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ।
তেওঁক পাটিয়ালাৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল।যোৱা ১৪ জুলাইত এটা বেণ্ডৰ সদস্য হিচাপে কাম কৰি থকাৰ সময়তে বিদেশলৈ লোকক অবৈধভাৱে কঢ়িয়াই নিয়াৰ অপৰাধত দুবছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল । ২০১৭ গায়কজন, তেওঁৰ ভাতৃ শমশ্বেৰ সিং আৰু আন দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল ।
২০০৩ চনত পাটিয়ালাত ৰুজু হৈছিল এই গোচৰ। পৰৱৰ্তী সময়ত ডালেৰ মেহেন্দীক গ্ৰেপ্তাৰ কৰা হয় যদিও কিছুদিনৰ পিছত জামিনত মুকলি কৰি দিয়া হয়।২০০৩ চনত পাটিয়ালাৰ এখন আৰক্ষী থানাত ডালেৰ মেহেন্দীক জেৰাৰ সময়ত কেইজনমান কনিষ্ঠ আৰক্ষী বিষয়াই ষ্ট্ৰিপ কৰিবলৈ কোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাটো যথেষ্ট বিতৰ্কিত হৈছিল। জামিনত মুকলি কৰি দিয়াৰ পূৰ্বে কাৰাগাৰৰ তেওঁ কিছুদিন কটায়।
Comments