গুৱাহাটী,১৩ ছেপ্টেম্বৰ: পশ্চিমবংগত এতিয়া ডেংগুত আক্ৰান্তৰ মুঠ সংখ্যাই ১০ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিলে। চলিত মাহৰ প্ৰথম সপ্তাহৰ আৰম্ভণিলৈকে এই সংখ্যা আঠ হাজাৰত উপনীত হৈছিল। স্বাস্থ্য বিষয়াসকলৰ মতে, ২০১৯ চনটো বাদ দি ২০১৭ চনৰ পৰা ২০২২ চনলৈ এই পাঁচ বছৰত ছেপ্টেম্বৰৰ আৰম্ভণিতে ডেংগু সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক দেখা পোৱা গৈছে ।
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি ২০১৯ চনত এই মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ সংখ্যা গুৰুতৰভাৱে বৃদ্ধি পাইছিল। বিভাগটোৰ পৰিসংখ্যা অনুসৰি ২০১৯ চনৰ জানুৱাৰীৰ পৰা বছৰৰ ৩৬ সপ্তাহলৈকে (১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ) মুঠ ১৪ হাজাৰ ৭৪৫ জন লোক আক্ৰান্ত হৈছিল। আৰু সেই এসপ্তাহতহে (৩৬ সংখ্যক সপ্তাহত) ২৯৬০ জন লোক আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ২০১৭ চনত ৮৪৪ জন আৰু ২০১৮ চনত ১৩০৪ জন লোক আক্ৰান্ত হৈছিল ছেপ্টেম্বৰৰ আৰম্ভণিৰ সপ্তাহত । মহামাৰীৰ সময়ত এই সংখ্যা হ্ৰাস পাইছিল। ২০২০ চনত ৮৬ জন আৰু ২০২১ চনত ১৪১ জন আক্ৰান্ত হৈছিল। চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰৰ ভিতৰত ৭ দিনীয়া সংক্ৰমণ যোৱা দুবছৰত মুঠ আক্ৰান্ত হোৱা লোকৰ তুলনাত ৮ গুণ বেছি।
সংক্ৰামক ৰোগৰ চিকিৎসক অমিতাভ নন্দীয়ে কয় যে কিছুদিন ধৰি হৈ থকা বৰষুণ এই বৃদ্ধিৰ আঁৰৰ এটা ডাঙৰ কাৰণ। তেওঁ কয় যে যদি এনেকৈ অবিৰত ভাৱে প্ৰচণ্ড বৰষুণ হয় তেন্তে ডেংগু কঢ়িয়াই নিয়া মহ Aedes aegypti ৰ বংশবৃদ্ধি সম্ভৱ নহয়। মহৰ পলু ক’ৰবাত ফুটি উঠিলেও সেইবোৰ উটুৱাই লৈ যাব। কিন্তু তেনে বৰষূণ নোহোৱাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে এই মহামাৰী। তেওঁৰ ভাষাত, “মহৰ দ্বাৰা সংক্ৰমিত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ আঁৰত কেইবাটাও কাৰক পৰস্পৰৰ সৈতে জড়িত। ভাইৰাছ, মহ, মানুহ আৰু পৰিৱেশ। আকৌ এই পৰিৱেশত বাৰিষা, পানী জমা হোৱা, আৰ্দ্ৰতা, উষ্ণতা আদি অন্তৰ্ভুক্ত। যদি এইবোৰৰ কোনো এটা কাৰকত ব্যাঘাত জন্মে তেন্তে প্ৰাদুৰ্ভাৱৰ কোনো আশংকা নাথাকে। কিন্তু এতিয়া সকলো একত্ৰিত হৈ আহিছে।” তেওঁৰ মতে, সমগ্ৰ অক্টোবৰ অৰ্থাৎ নৱেম্বৰ মাহলৈকে ডেংগুৰ প্ৰাদুৰ্ভাৱ ভালদৰে চলি থাকিব। ডিচেম্বৰৰ মাজভাগত ই সামান্য হ্ৰাস পাব।
Comments