গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত ৰাছিয়াই কিয় ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ কৰিছিল! তেওঁলোকে কি চৰ্তত এই যুদ্ধসমাপ্ত কৰিবলৈ সাজু হ'ব! এই ২ টা প্ৰশ্নই যোৱা ৭ মাহৰ পৰা সমগ্ৰ বিশ্বক বিমোৰক পেলাই আহিছে। এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজেই প্ৰথমবাৰৰ বাবে এই প্ৰশ্নবোৰৰ উত্তৰ দিছে।
উজবেকিস্তানৰ ৰাজধানী চামাৰ্কান্দত ছাংহাই সহযোগিতা সংস্থাৰ এখন বৈঠকত অংশ ল'বলৈ উপস্থিত হোৱা সময়ত পুটিনে তেওঁৰ লক্ষ্য আৰু অৱস্থাৰ বিষয়ে সকলো প্ৰকাশ কৰিছে, যাৰ পিছত তেওঁ এই যুদ্ধ সমাপ্ত কৰিবলৈ সাজু হ'ব পাৰে।
এছচিঅ' সন্মিলনৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পুটিনে কয় যে, "ইউক্ৰেইনৰ সমগ্ৰ পূব ডনবাছ অঞ্চলৰ মুক্তি হৈছে ৰাছিয়াৰ মুখ্য লক্ষ্য। এই লক্ষ্যত কোনো পৰিৱৰ্তন হোৱা নাই আৰু ইয়াৰ কোনো প্ৰয়োজন নাই। যেতিয়ালৈকে ৰাছিয়াই এই লক্ষ্য সম্পূৰ্ণৰূপে প্ৰাপ্ত নকৰে, যুদ্ধ বন্ধ হোৱাৰ সম্ভাৱনা নাই।
মই ইউক্ৰেইনক সতৰ্ক কৰি দিছিলো আৰু কৈছিলো যে ৰাছিয়াৰ স্বেচ্ছাসেৱক সৈন্যসকলে বৰ্তমান এই বিশেষ সামৰিক অভিযানত যুঁজ দি আছে আৰু নিয়মীয়া সৈন্যসকল বৰ্তমান ইয়াত জড়িত নহয়। কিন্তু যদি ইউক্ৰেইনে ৰাছিয়াৰ সামৰিক ঘাটিসমূহ আক্ৰমণ কৰে, তেন্তে যুঁজ সম্প্ৰসাৰিত কৰা হ'ব আৰু নিয়মীয়া সৈন্যসকলেও যোগদান কৰিব। ইউক্ৰেইনে ইয়াৰ পৰিণাম ভুগিব লাগিব।
পুটিনে ইউক্ৰেইনৰ সামৰিক বাহিনীক সতৰ্ক কৰি দিছে যে, "মস্কোৱে যদি ৰাছিয়াৰ শক্তি প্ৰকল্প আৰু অন্যান্য আন্তঃগাঁথনিক লক্ষ্য কৰি লয়, তেন্তে আক্ৰমণ আৰু তীব্ৰতৰ হৈ উঠিব। যদি তেওঁলোকে আমাৰ কথা বুজিপোৱাত বিফল হয়, আমি প্ৰতিশোধ লম। তেওঁলোকে ইয়াৰ ফল বহন কৰিবলৈ সাজু হৈ থাকিব।
ইপিনে, শেহতীয়া দিনবোৰত ৰাছিয়াৰ সেনাই ইউক্ৰেইন যুদ্ধত হোৱা বিফলতাৰ বিষয়ে সোধাত পুটিনে কয় যে, "আমি কোনো খৰধৰ নকৰোঁ। আমি তেওঁলোকক উত্তৰ দিম আৰু আমাৰ দায়িত্বৰ পৰা আঁতৰি নাযাও। মই যুদ্ধ সমাপ্তিৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই। এই অভিযান এতিয়াও চলি আছে। যেতিয়া আমি সকলো লক্ষ্য প্ৰাপ্ত কৰিম তেতিয়া ইয়াৰ অন্ত পৰিব।"
Comments