গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ সকলোৱে হয়টো বহুবাৰ নিশ্চয় একাউণ্টত ভুলবশতঃ ধন সোমোৱাৰ বিষয়ে শুনিছে, কিন্তু গুজৰাটৰ এজন ব্যক্তিৰ বিষয়ে শুনিলে হয়টো সকলোৱে হতবাক হ'ব। এই গুজৰাটৰ মানুহজনে এনেকুৱা এক বুদ্ধি উলিয়াইছিল বেংকত ভুলক্রমে সোমোৱাৰ ধনৰ সৈতে তেওঁ কেইঘণ্টামানৰ ভিতৰতে ৫ লাখ টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
ৰমেশভাই সাগৰ নামৰ এজন ব্যক্তিয়ে হঠাতে ডিমত একাউণ্টত ১১ হাজাৰ ৬৭৭ কোটি টকা লাভ কৰে। ইয়াৰ পিছত, তেওঁ বিনিয়োগৰ পৰা ৫ লাখ ৬৫ হাজাৰ টকা লাভ কৰে। এক বিশেষ সাক্ষাৎকাৰত ৰমেশভাইয়ে কৈছে যে, "প্ৰতিদিনে পুৱা মই অনলাইন মাৰ্কেটত বহো। ২৬ জুলাইত, মই পুৱা ৯:৩০ বজাত সদায়ৰ দৰে মাৰ্কেটখত বহি চাই আছিলো, কিছু ব্যৱসায় কৰিছিলো, কিন্তু বজাৰখন অতি শান্ত দেখা গৈছিল, সেয়েহে কেইঘণ্টামান অপেক্ষা কৰিলো। ইয়াৰ মাজতে, যেতিয়া মই মোৰ একাউন্টৰ বিৱৰণ দেখিলো, তেতিয়া মই আচৰিত হৈ পৰিলো। কিয়নো, সেই সময়ত মোৰ একাউণ্টত ১১,৬৭৭ কোটি টকা থকা দেখিব পাইছিলো।
সেই ধনৰ মই মাৰ্কেটত ২ কোটি টকা লগালো। মই আগতে কেতিয়াও ইমান ডাঙৰ বিনিয়োগ কৰা নাছিলো, মই এতিয়ালৈকে মাত্ৰ সৰ্বাধিক ২৫ হাজাৰ টকা বিনিয়োগ কৰিছিলো। মই জানিছিলো যে কিছু সময়ৰ পিছত মোৰ পৰা গোটেই টকা ঘূৰাই লোৱা হ'ব। এইটো মোৰ যোৱা ৫-৬ বছৰৰ বিনিয়োগৰ অভিজ্ঞতা, যি মোক লাভান্বিত কৰিছে।" ইপিনে, একেদিনাই সেই একে পৰিমাণৰ ধন বিহাৰৰ এজন ব্যক্তিৰ একাউণ্টলৈ গৈছিল কিন্তু তেওঁ ইয়াৰ সুবিধা ল'ব নোৱাৰিলে।
Comments