গুৱাহাটী,১৯ ছেপ্টেম্বৰ:ইউক্ৰেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ নকৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আহ্বান জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে। বাইডেনৰ স্পষ্ট কথা ৰাছিয়াই অৱমাননা কৰিলে আমেৰিকাই এনে কিছুমান পদক্ষেপ ল’বলৈ বাধ্য হ’ব যিবোৰ কোনেও কল্পনাও কৰিব নোৱাৰে ।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধত শেহতীয়াকৈ কিছু অগ্ৰগতি হৈছে। ইউক্ৰেইনৰ উত্তৰ-পূব সীমান্তত ৰাছিয়াৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ইউক্ৰেইনৰ সেনাই। কিছুমান ক্ষেত্ৰত তেওঁলোকেও প্ৰতিশোধ লৈছে। ইয়াৰ পিছতে পুটিনে ইউক্ৰেইনক সকীয়াই দিয়ে যে যদি ইউক্ৰেনীয় বাহিনীয়ে পুনৰ আক্ৰমণ কৰে তেন্তে ৰাছিয়াই এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যিটো ইউক্ৰেইনকে ধৰি আন দেশসমূহেও আশা কৰা নাছিল। কিছুমানে পুটিনৰ এই অপ্ৰত্যাশিত সঁহাৰিত পাৰমাণৱিক বা ৰাসায়নিক অস্ত্ৰৰ কৌশলগত ব্যৱহাৰৰ সম্ভাৱনা দেখিছিল।
ইয়াৰ পিছতে বাইডেনে কয় যে যদি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কোনো ধৰণৰ চৰম ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ই যুদ্ধৰ গতিপথ সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। আৰু ইয়াৰ পৰিণামে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱকো অতিক্ৰম কৰিব। ৰুছ-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিতে পুটিনে কৈছিল যে যদি কোনো দেশৰ কাৰ্যকলাপৰ বাবে পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ নিৰাপত্তাত হস্তক্ষেপ কৰে তেন্তে ৰাছিয়াই এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যিটো বিশ্ব ইতিহাসত আগতে কেতিয়াও দেখা পোৱা নাছিল।
কিন্তু মস্কোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সন্দৰ্ভত নিজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সদায় অস্বীকাৰ কৰি আহিছে। তেওঁলোকৰ মতে আমেৰিকাৰ দৰে কিছুমান দেশে পাৰমাণৱিক বা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বাকী অংশক বিপথে পৰিচালিত কৰিছে।
Comments