গুৱাহাটী,১৮ ছেপ্টেম্বৰ:স্থানীয় ভাষা ক’বলৈ জনা কৰ্মচাৰীকহে নিযুক্তি দিয়ক বেংকত। -এই নিৰ্দেশ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। দেশৰ বেংক সমূহৰ সাধাৰণ সভাত এই নিৰ্দেশনা প্ৰদান কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।দেশত বিগত কিছু মাহ ধৰি অব্যাহত আছে হিন্দী বনাম আঞ্চলিক ভাষাৰ বিতৰ্ক। হিন্দী ভাষা কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক কৰাক লৈ আপত্তি দৰ্শাইছে কেইবাখনো ৰাজ্যই। এনে অৱস্থাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে।
মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনৰ ৭৫ সংখ্যক সাধাৰণ সভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্ট কৰি দিয়ে যে বেংকে স্থানীয় ভাষা ক’ব নোৱাৰা কৰ্মচাৰীক গ্ৰাহকৰ সৈতে কথা পাতিবলৈ নিযুক্তি দিব নালাগে। বিত্তমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত বেংকসমূহ সজাগ হোৱাটো প্ৰয়োজন।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই মন্তব্যক আদৰণি জনাইছে কংগ্ৰেছ নেতা পি চিদাম্বৰমে। টুইটাৰত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘গ্ৰাহক সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকলে সাধাৰণতে হিন্দী ভাষা কয়। আমি মনত ৰাখিব লাগিব যে ভাৰতত বহু ভাষা আছে। হিন্দী আৰু ইংৰাজী নামৰ দুটা চৰকাৰী ভাষা আছে।’’ তেওঁ বীমা কোম্পানী, মোবাইল কোম্পানী আদি কোম্পানীলৈও একে পদক্ষেপ ল’বলৈ বিত্তমন্ত্ৰীক আহ্বান জনায়।উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোগাযোগ আৰু চৰকাৰী কামৰ মাধ্যম হিচাপে ইংৰাজীৰ সলনি হিন্দী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। তেওঁ বিভিন্ন ৰাজ্যৰ মানুহে ইজনে সিজনৰ লগত হিন্দীত কথা পাতিবলৈ প্ৰস্তাৱ দিয়া দেখা গৈছিল। ইয়াৰ পিছতে যেতিয়া বিতৰ্ক তীব্ৰতৰ হ’ল, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁৰ ‘মন কী বাত’ কাৰ্যসূচীত দেশৰ ভাষা বৈচিত্ৰ্যক সম্বোধন কৰে। এইবাৰ নিৰ্মলা সীতাৰমণে বেংকসমূহক স্থানীয় ভাষাত গ্ৰাহকৰ সৈতে কথা পাতিবলৈ আহ্বান জনায়।
Comments