গুৱাহাটী,১৮ ছেপ্টেম্বৰ:এইবাৰ পূজাৰ সময়ত কলিকতাত অধিক সুবিধা লাভ কৰিব দৰ্শনাৰ্থীয়ে,সপ্তমীৰ পৰা নৱমীলৈ পশ্চিম বংগ পৰিবহণ নিগমে ভলভো এ চি বাছেৰে কলকাতাকে ধৰি উপকণ্ঠ অঞ্চলৰ কেইবাখনো বিখ্যাত পূজা চাবলৈ দৰ্শনাৰ্থীক সুবিধা প্ৰদান কৰিব।
পশ্চিমবঙ্গৰ পৰিবহণ মন্ত্ৰী স্নেহাশিস চক্ৰৱৰ্তীয়ে এই কথা প্ৰকাশ কৰি কয় যে নৱমীৰ দিনা মহানগৰীৰ বিভিন্ন বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলক বিনামূলীয়াকৈ পূজা দেখুৱাবলৈ ৰাজ্য চৰকাৰে এক বিশেষ উদ্যোগ লৈছে। ৰাজ্য চৰকাৰে পুৱাৰে পৰা বিয়লিলৈকে কলকাতাকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল আৰু বানেদীৰ পূজা বাছেৰে চোৱাৰ বাবে এক পেকেজ সেৱা আৰম্ভ কৰিবলৈ ওলাইছে।
এস্প্লেনেড ট্ৰাম টাৰ্মিনাছৰ পৰা পূজাৰ সপ্তমী-নৱমীৰ পৰা পুৱা ৮ বজাত যাত্ৰা কৰিব বাছ। সেই বাছখনত উঠি বদনচন্দ্ৰ ৰায়ৰ ঘৰ, বাগবাজাৰ হালদাৰ ঘৰ, শোভাবজাৰ ৰাজবাৰী, ৰাণী ৰসমণিৰ ঘৰ, বেহালা ৰায়ৰ ঘৰৰ পূজা চাব পাৰি। ভাড়া প্ৰতিজনৰ বাবে ১৮৫০ টকা। পাঁচৰ পৰা দহ বছৰ বয়সৰ শিশুৰ ভাড়া হ’ব ১২৫০ টকা। পাঁচ বছৰৰ তলৰ শিশুৱে বিনামূলীয়াকৈ যাব পাৰিব। এই যাত্ৰাত যাত্ৰীসকলৰ বাবে ব্ৰেকফাষ্ট, লাঞ্চ আৰু বিয়লিৰ চাহ-স্নেকছৰ ব্যৱস্থা কৰা হ’ব।
উপকণ্ঠৰ নগৰ সমূহৰ পৰা কলকাতালৈ বাছেৰে পৰিক্ৰমা:
এই পেকেজত সপ্তমী আৰু নৱমীৰ দিনা উপকণ্ঠ অঞ্চলৰ বৃহৎ পূজা পেণ্ডেলসমূহ চাবলৈ সুবিধা থাকিব। এনে ক্ষেত্ৰত এ চি আৰু নন এ চি দুয়োটা বাছ উপলব্ধ হ’ব।
১) হাওৰা ষ্টেচনৰ কাষতে থকা চি টি চি টাৰ্মিনাছৰ পৰা নন এ চি বাছেৰে তালিগঞ্জ ট্ৰাম ডিপো, বৰাছাট কলনী মৰ, বৰাকপূৰৰ পূজা থলীলৈ যাব পাৰিব।ভাড়া প্ৰতিজন ব্যক্তিৰ বাবে ৪০০ টাকা আৰু হাওৰা ডিপোৰ পৰা ভাড়া প্ৰতিজন ব্যক্তিৰ বাবে ৫০০ টকা।
২) সপ্তমী আৰু নৱমীৰ দিনা ৰাতিপুৱা ৯ বজাত বৰাছাট আৰু এস্প্লেনেডৰ পৰা এ চি বিলাসী বাছসমূহে যাত্ৰা কৰিব। বৰাছাটৰ পৰা প্ৰতিজনৰ বাবে ভাড়া ১৮৫০ টকা আৰু এস্প্লেনেডৰ পৰা ১৭৫০ টকা।
চহৰৰ পৰা আঁতৰৰ গাঁৱত হোৱা পূজা চোৱাৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে:
ধন্যাকুৰীয়া আৰু আৰবলিয়ালৈ পূজা ভ্ৰমণ:
কলকাতাৰ পৰা ৭৫ কিলোমিটাৰ নিলগত বসীৰহাটৰ গাতে লাগি থকা দুখন আদৰ্শ গাঁও আৰু বানেদী বাৰীৰ পূজা চাবলৈও ব্যৱস্থা কৰা হৈছে। গ্ৰাম বাংলা পূজা চাবলৈ পুৱা ৮ বজাত এচপ্লেনেড ট্ৰাম টাৰ্মিনাছৰ পৰা যাত্ৰা কৰিব AC বাছ। এই পথত ৰাজৰহাটৰ চাইনাৰ পাৰ্কৰ পৰা পিক আপৰ সুবিধা আছে। প্ৰতিজনৰ বাবে ভাড়া ১৮০০ টকা য'ত ব্ৰেকফাষ্ট আৰু লাঞ্চৰ ব্যৱস্থা কৰা হ’ব। সপ্তমী, অষ্টমী আৰু নৱমীৰ দিনা এই সেৱা লাভ কৰিব যাত্ৰীসকলে।
কমাৰপুকুৰ-জয়ৰাম্বতীত পূজা দৰ্শন
পশ্চিমবংগৰ পৰিবহণ বিভাগেও বাছেৰে জয়ৰামবতী কমাৰপুকুৰত পূজা চাবলৈ ব্যৱস্থা কৰিছে। অষ্টমীৰ দিনা পুৱা ৫ বজাত এস্প্লেনেডৰ পৰা এখন বিলাসী বাছ যাত্ৰা কৰিব। এস্প্লেনেড ট্ৰাম অফিচ, বাগবাজাৰ বাটা আৰু ডানলপ ম’ৰৰ পৰাও ইয়াত উঠিব পাৰিব । জয়ৰামবতীত পূজা দৰ্শনৰ পিছত উভতি অহাৰ পথত কামৰপুকুৰকো চাব পাৰিব। প্ৰতিজন ব্যক্তিৰ বাবে ৫৫০ টকা। বাছত লঘু আহাৰ, চাহ বা কফি পৰিবেশন কৰা হ’ব।
Comments