Cartoon
View Older
যোৰহাট: ১৯ ছেপ্টেম্বৰ: যোৰহাট নগৰৰ মাজ মজিয়াৰ এইখন পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড। পৌৰসভাৰ সকলো যান্ত্ৰিক জাবৰ ইয়াত গোটাই ৰখা হৈছে। এইখন ডাম্পিং গ্ৰাউণ্ডলৈকে জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী আহিছিল বুলি শুনিলে বিশ্বাস কৰিবনে ?
অবিশ্বাস্য যেন লাগিলেও সত্য যে এতিয়াৰ এইখন ডাম্পিং গ্ৰাউণ্ডতে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে হাজাৰ হাজাৰ লোকৰ সন্মুখত উদাত্ত ভাষণ আগবঢ়ায় ৰাইজক দীৰ্ঘ সময় দেশপ্ৰেমেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল।
তেতিয়া এইখন আছিল যোৰহাটৰ অন্যতম চিনাকি নেহৰু পাৰ্ক। এনে এক ঐতিহাসিক খেল পথাৰক এতিয়া যোৰহাট পৌৰসভাই পৰিণত কৰিলে ডাম্পিং গ্ৰাউণ্ডলৈ। বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাৰ এইয়াই নেকি আজাদী কি অমৃত !
Comments