Cartoon
View Older
মৰিগাঁও ১৯ অক্টোবৰ : মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত দেৱাশীষ শৰ্মাৰ পৌৰাহিত্যত জিলা খনত আগন্তুক দুৰ্গা পূজা সুকলমে আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱাৰ স্বাৰ্থত বিভিন্ন পূজা কমিটিৰ প্ৰতিনিধি বৰ্গৰ লগত এখন সভা অনুষ্ঠিত হয় ।
সভাত উপস্থিত বিভিন্ন জনৰ পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰিও আইন শৃংখলা জনিত ৰাজ্য চৰকাৰৰ স্থায়ী নিৰ্দেশনা সমূহো পূজা কমিটি সমূহক অৱগত কৰা হয় । সভাত জিলা উপায়ুক্তৰ উপৰিও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, জাগীৰোড উন্নয়ন সমিতিৰ দিব্যজ্যোতি নেওগ, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামুলী, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা আৰু মৰিগাঁও জাগীৰোড পূজা সমিতিৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।
Comments