গুৱাহাটী, ১৯ ছেপ্টেম্বৰ:পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক জাৰ্মানীৰ পৰা দিল্লী অভিমুখী লুফথানছা বিমানৰ পৰা ফ্ৰেংকফৰ্টত ডিপ্লেন কৰা হয় । ইয়াৰ মূল কাৰণ আছিল তেওঁ খোজ কাঢ়িব নোৱাৰাকৈ কৰা মদ্যপান । ১১-১৮ ছেপ্টেম্বৰলৈকে জাৰ্মানী ভ্ৰমণলৈ যোৱা মানে মদ্যপান কৰাৰ বাবে তেওঁৰ যাত্ৰাত বিলম্ব ঘটাইছিল । অৱশ্যে তেওঁৰ দল আম আদমী পাৰ্টিয়ে এই উৰাবাতৰিক তীব্ৰভাৱে অস্বীকাৰ কৰি কয় যে ফ্ৰেংকফৰ্ট বিমানবন্দৰত মানক ডিপ্লেন কৰা হোৱা নাছিল । দলটোৱে ইয়াক ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ মিছা আৰু তুচ্ছ অপপ্ৰচাৰ বুলি অভিহিত কৰে ।
এজন সহযাত্ৰীয়ে এক বাৰ্তাত কয় যে, "মুখ্যমন্ত্ৰী ভৰিৰ ওপৰত স্থিৰ নাছিল কাৰণ তেওঁ অত্যধিক মদ্যপান কৰিছিল আৰু তেওঁৰ পত্নী/নিৰাপত্তাৰক্ষীয়ে তেওঁক সহায় কৰিবলগীয়া হৈছিল" । ইফালে দলটোৰ মুখ্য মুখপাত্ৰ মালৱিন্দৰ সিং কাঙে সংবাদ মাধ্যমৰ আগত কয় যে, "আমাৰ ৰাজনৈতিক বিৰোধীসকলে আমাৰ মুখ্যমন্ত্ৰীক বদনাম কৰিবলৈ এই উৰাবাতৰি প্ৰচাৰ কৰিছে। তেওঁলোকে হজম কৰিব নোৱাৰে যে মুখ্যমন্ত্ৰী মানে পঞ্জাৱত বিনিয়োগ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে । নিৰ্ধাৰিত সময়ত মুখ্যমন্ত্ৰী ঘূৰি আহিছিল ।" মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে দাবী কৰে যে জৰুৰী স্বাস্থ্যজনিত উদ্বেগৰ বাবে মুখ্যমন্ত্ৰীয়ে বিমানত উঠিব নোৱাৰিলে । সোমবাৰে শিৰোমণি আকালি দলৰ (এছএডি) সভাপতি সুখবীৰ সিং বাদলে কয় যে মুখ্যমন্ত্ৰীক লুফথানছাৰ বিমানখনৰ পৰা বিমান নমাই অনাৰ বাতৰিয়ে সমগ্ৰ বিশ্বৰ পাঞ্জাবীসকলক লজ্জিত কৰিছে ।
Comments