গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : 'মেন ইন ব্লুজ' হওক বা 'উইমেন ইন ব্লুজ'- মুঠতে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী দেখিলেই ক্ৰিকেট অনুৰাগীৰ মন উৎসাহিত হৈ পৰে । তাতে যদিও আকৌ বিশ্বকাপৰ বতৰ, তাৰ উপৰি টি-২০ বিশ্বকাপ । তেনেহ'লেতো কথাই নাই । এইবাৰ ভাৰতীয় ক্ৰিকেট দলে আগন্তুক বিশ্বকাপ টি-২০ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব এক নতুন ধৰণৰ জাৰ্চীৰে ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড, চমুকৈ বিচিচিআই (BCCI) আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অফিচিয়েল কিট স্পনছৰ এম পি এল স্প'ৰ্টছে দেওবাৰে ভাৰতীয় পুৰুষ আৰু মহিলা টি-২০ দলৰ বাবে নতুন জাৰ্চী মুকলি কৰে । ভাৰতীয় ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে এই জাৰ্চী ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে মুম্বাইৰ অনূৰ্ধ্ব-১৯ মহিলা ক্ৰিকেটাৰসকলৰ লগতে ক্ৰিকেটৰ কিছু 'ছুপাৰ ফেন'ৰ দ্বাৰা উন্মোচন কৰোৱা হয় ।
এই জাৰ্চী অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ সময়ত খেলুৱৈসকলে পৰিধান কৰা দেখা যাব । এই নতুন জাৰ্চী এতিয়াৰে পৰা সকলো টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্যৱহাৰ কৰা হ'ব । অৱশ্যে খেলুৱৈসকলে এদিনীয়া মেচত 'বিলিয়ন চিয়ৰ্ছ জাৰ্চী'ৰ সৈতে খেলত অংশগ্ৰহণ কৰাটো অব্যাহত ৰাখিব ।
Comments