দুলীয়াজান, ১৯ ছেপ্টেম্বৰ: দুলীয়াজানৰ বিশিষ্ট কবি, সাহিত্যিক তথা দুলীয়াজান শাখা লেখিকা সংস্থাৰ সম্পাদক, মদিৰা শইকীয়া ভূঞাৰ (৪৮) কালি নিশা নিজা বাসগৃহতে আকস্মিক বিয়োগৰ ঘটনাই মৰ্মাহত কৰিছে দুলীয়াজানবাসীক। অইল আৱাসিক এলেকাৰ চেটেলমেণ্ট ১৮৭৫ আৱাসৰ নিৱাসী, অতি সৰবৰহী মহিলা গৰাকী দুলীয়াজান সাহিত্য সভাৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকাৰ উপৰিও মৃত্যুৰ আগলৈকে প্ৰত্ৰিকা সম্পাদকৰ দায়িত্ব বহন কৰিছিল।
১৯৭৪ চনৰ ৪ মাৰ্চত জন্মগ্ৰহণ কৰা মদিৰা শইকীয়া অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ উপৰিও সদৌ অসম কবি সন্মিলনৰ হিতৈষী সদস্য হোৱাৰ লগতে দুলীয়াজান উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সম্পাদক, সদৌ অসম কবি সন্মিলনৰ ডিজিটেল আৰ্কাইভ নিউজ প'ৰ্টেলৰ সম্পাদিকা, সুকুমাৰ কলা পৰিষদ অসমৰ কাৰ্যনিৰ্বাহক সদস্য, ৰটাৰীয়ান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
তেখেতে ভালপোৱাৰ দিন ৰাতি নামৰ এখন কাব্য গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ স্মৰণিকাৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপেও এক সুকীয়া পৰিচয় থকা মদিৰা শইকীয়াই কালি নিশা প্ৰায় ১১-১৫ বজাত কলকাতাত অধ্যয়নৰত পুত্ৰৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে। লগে লগে পৰিয়ালৰ লোকে অইল ইণ্ডিয়া চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ইফালে তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত নিশাই অগণন গুণমুগ্ধই চিকিৎসালয়ত ভিৰ কৰেহি। আজি দুপৰীয়া কলকাতাৰ পৰা পুত্ৰ আহি পোৱাৰ পাছতে তেখেতৰ বাসগৃহত বহু গুণমুগ্ধ তথা অনুষ্ঠান প্ৰতিষ্ঠান, সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত স্বামী তথা অইল কৰ্মচাৰী ধ্ৰুৱজ্যোতি ভূঞাসহ একমাত্ৰ পুত্ৰক ইহ সংসাৰত এৰি থৈ যোৱা মদিৰা শইকীয়া ভূঞাৰ মৃত্যুত দুলীয়াজান সাহিত্য সভা ভৱনত তেখেতৰ আত্মাৰ সদগতিৰ কামনাৰে এখন শোক সভাৰ আয়োজন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
তেখেতৰ মৃত্যুত সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান, দুলীয়াজান প্ৰেছ ক্লাব, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, সুকুমাৰ কলা পৰিষদ অসম, ৰটাৰী ক্লাব দুলীয়াজান, দুলীয়াজান ক্লাব, অসম নাট্য সন্মিলন দুলীয়াজান শাখা আদিৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
Comments