Cartoon
View Older
গুৱাহাটী,১৬ ছেপ্টেম্বৰ: কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ ফলাফল বৃহস্পতিবাৰে নিশা ১০ বজাত ঘোষণা কৰা হয় ৷ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল অফিচিয়েল ৱেবছাইটত cuet.samarth.ac.in ত চাব পাৰিব ৷ ইয়াৰ উপৰিও প্ৰাৰ্থীসকলে এই লিংকটোত https://cuet.samarth.ac.in/ ক্লিক কৰি পৰীক্ষাৰ ফলাফলসমূহ চাব পাৰিব ৷
কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অন্যান্য অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহত স্নাতক নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা CUET-UG 2022-ৰ প্ৰথম পৰ্যায়ত প্ৰায় ১৪ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ভিতৰত মুঠ প্ৰাৰ্থীৰ ৬০ শতাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় ৷ উল্লেখ্য যে, কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ প্ৰথম সংস্কৰণৰ স্নাতক নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা জুলাইত আৰম্ভ হৈ ৩০ আগষ্টত সমাপ্ত হৈছিল ।
Comments