গুৱাহাটী,১৬ ছেপ্টেম্বৰ: লক্ষ্ণৌত শুকুৰবাৰে পুৱা এক ভয়ানক অঘটন সংঘটিত হয় ৷ এটা নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি ৯ গৰাকী লোক থিতাতে নিহত হয় ৷ লক্ষ্ণৌৰ কেণ্ট অঞ্চলৰ দিলকুছাৰ ওচৰত এটা নিৰ্মাণৰত দেৱাল হঠাতে খহি পৰাত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ কেইবাজনো লোক আহত হোৱাৰ লগতে ৯ গৰাকী লোক থিতাতে নিহত হয় ৷এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীসহ এন ডি আৰ এফৰ দল উপস্থিত হয় ৷ আৰক্ষী, এন ডি আৰ এফে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
ইতিমধ্যে এন ডি আৰ এফৰ দলে ধ্বংসস্তুপৰ পৰা ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰে ৷ তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিকটাত্মীয়লৈ ৪ লাখ টকাকৈ সাহায্যৰ প্ৰদান ঘোষণা কৰে ৷ আনহাতে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷
Comments