যোৰহাট:১৬ ছেপ্টেম্বৰ: গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত থকা দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত অহা ২৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব দক্ষিণ এচিয়া ৰিজ'নেল জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ।
আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, শ্ৰীলংকা আৰু আয়োজক ভাৰতে যোগদান নিশ্চিত। পাকিস্তান দলটোৰ অহাৰ সম্ভাবনা কম। ভাৰতীয় বেডমিণ্টন সন্হাৰ সৌজন্যত অসম বেডমিণ্টন সন্হাই এই প্ৰতিযোগিতা আয়োজন কৰিছে।
ইতিমধ্যে ১০০ গৰাকী খেলুৱৈ আৰু কৰ্মকৰ্তা গুৱাহাটীলৈ অহাটো নিশ্চিত হৈছে। ১৫ বছৰৰ অনূৰ্ধ আৰু ১৭ বছৰৰ অনূৰ্ধ ল'ৰা আৰু ছোৱালীৰ দলীয় আৰু মুকলি ছিংগলছৰ ইভেণ্টৰ খেল হ'ব।
এখন বহল পৰিসৰৰ অভ্যৰ্থনা সমিতিয়ে যাৱতীয় প্ৰস্ততি চলাই আছে। অসম বেডমিণ্টন সন্হাৰ সূত্রে একে সময়তে ২৩ আৰু ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নেশ্যনেল আম্পায়াৰ ট্ৰেইনিং কৰ্চ। ইয়াত যোগ্যতা অৰ্জন কৰা সকলে ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বেডমিণ্টন মেচৰ আম্পায়াৰ হিচাপে স্বীকৃতি লাভ কৰিব। স্বাভাবিকতে যুৱ খেলুৱৈৰ উপস্থিতিয়ে আমাৰ শ্বাটলাৰ সকলক অনুপ্ৰাণিত কৰিব।
Comments