Cartoon
View Older
যোৰহাট,১৭ ছেপ্টেম্বৰ: আহোম ৰাজত্বৰ শেষ ৰাজধানী আৰু পৰবৰ্তী সময়ত ব্ৰিটিছ শাসকৰ প্ৰশাসনিক অভিকেন্দ্ৰ যোৰহাট জিলাৰ কছাৰী চৌহদত থকা কেইটামান সমাধি স্থানীয় লোকৰে নহয় বিদেশী ইতিহাসবিদৰো কৌতুহলৰ কেন্দ্ৰ হৈ পৰিছে।
কেতিয়াবাই নামফলক সমাধি বোৰৰ পৰা আঁতৰি গ'ল যদিও যোৰহাটৰ কাছাৰী চৌহদত থকা এই সমাধি কেইটা যে কোনো উচ্চ পদস্থ বিষয়াৰ সেয়া নিশ্চিত। কাৰণ ইংৰাজৰ শাসন কালত অতি বিশেষ বিষয়াকহে কাছাৰী চৌহদত সমাধি দিয়াৰ নিয়ম আছিল।
শেহতীয়াকৈ এই অনামী সমাধি কেইটাৰ সন্ধানত আৰু গৱেষণাৰ বাবে বহুকেইজন বিদেশী গৱেষক-পৰ্যটক যোৰহাটলৈ অহাৰ পৰাই সমগ্ৰ বিষয়টোৱে কৌতুহলৰ লগতে ইতিহাসবিদ সকলৰ মাজত উৎসুকতাৰো সৃষ্টি কৰিছে।
Comments