গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ জনপ্রিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে দিল্লীৰ এইমছত ভৰ্তি হোৱাৰ ৪১ দিন পিছত বুধবাৰে ৫৮ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ ভতিজাক কুনাল শ্ৰীবাস্তৱে মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।
কেইদিনমান আগতে স্বাস্থ্য উন্নত হোৱা স্বত্বেও ৰাজুৰ ভতিজা কুশল শ্ৰীবাস্তৱে নিশ্চিত কৰিছিল, "হয়, এয়া সঁচা। তেওঁ আধা ঘণ্টা আগতে মৃত্যুবৰণ কৰিছে। আমি সকলোৱে এইমছত আছো। তেওঁৰ গোটেই পৰিয়ালটো ইয়াত আছে। আমি এতিয়ালৈকে অন্তিম সংস্কাৰৰ সিদ্ধান্ত লোৱা নাই।"
ইপিনে, ৰাজু শ্ৰীবাস্তৱৰ পত্নীয়ে ৬ ছেপ্টেম্বৰত এক বিশেষ সাক্ষাৎকাৰত কৈছিল যে, "মই কেৱল এয়াই ক'ব পাৰোঁ যে তেওঁৰ অৱস্থা স্থিৰ আৰু তেওঁ এতিয়াও ভেণ্টিলেটৰত আছে। চিকিৎসকৰ দলটোৱে তেওঁক আৰোগ্য কৰিবলৈ সকলো চেষ্টা কৰি আছে আৰু আমি সকলোৱে তেওঁৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আছো, যাতে তেওঁ আৰোগ্য হয় আৰু আমাৰ মাজলৈ ঘূৰি আহে।"
Comments