গুৱাহাটী,২১ ছেপ্টেম্বৰ:এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত স্মৃতি মান্ধানাই ইংলেণ্ডৰ বিৰুদ্ধে এক আকর্ষণীয় ইনিংছ খেলি ভাৰতৰ বিজয় নিশ্চিত কৰাই নহয়, এদিনীয়া ৰেংকিঙতো অগ্রগতি লাভ কৰিছে স্মৃতিয়ে। সমান্তৰালভাৱে টি-২০ শৃংখলাটো শীর্ষ দুইত উপনীত হৈছে তাৰকাগৰাকী। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰেংকিঙত স্মৃতি মান্ধানা এদিনীয়া ৰেংকিঙৰ দশম স্থানৰ পৰিৱৰ্তে সপ্তম স্থানলৈ অগ্রগতি লাভ কৰিছে। ইফালে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০তো উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে স্মৃতি তাৰকাগৰাকী।
টি-২০ ৰেংকিঙত এতিয়াও বেথ মুনি শীৰ্ষত আছে। অৱশ্যে কেৱল ভাৰতৰ স্মৃতিয়ে নহয়, দলৰ অধিনায়ক হৰমনপ্রীত কৌৰেও ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াত ৭৪ ৰান সংগ্ৰহ কৰাৰ বাবে শীর্ষ দহত উপনীত হৈছে। ৰেংকিঙত এতিয়া নৱম স্থানত উপনীত হৈছে অধিনায়কগৰাকী।তৃতীয় স্থানৰ পৰা আগুৱাই দ্বিতীয় স্থানত অধিষ্ঠিত হৈছে হৰমনপ্রীত কৌৰ।
Comments