গুৱাহাটী, ২১ ছেপ্টেম্বৰঃঅসমবাসীৰ বাবে আন এক গৌৰৱৰ খবৰ।ভাৰতৰ বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই সাঁতুৰি পাৰ হ'ল নৰ্থ চেনেল।উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ।১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হ'ল এলভিছ আলী হাজৰিকা।বিশ্বৰ বহু সাঁতোৰবিদৰ বাবে নৰ্থ চেনেল সাঁতোৰা অতি প্ৰত্যাহ্বানজনক।
প্ৰায় ৭ দিন ধৰি কৰা অনুশীলনৰ পাছত ইতিহাস ৰচিলে এলভিছে।নিজৰ এই সাফল্যৰ পাছত এলভিছ আলী হাজৰিকাই কয় যে, 'মই বহুদিনৰ পৰা এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো। বহু চেষ্টা আৰু ঘণ্টাৰ পিছত নিজকে অধিক পৰিশ্ৰম কৰিবলৈ হেঁচা দিয়াৰ পিছত, প্ৰতিদিনে, মই সফলতাৰে ৰিলে উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সাঁতুৰি উত্তৰ চেনেল পাৰ হোৱা প্ৰথম জন অসমীয়া (উত্তৰ-পূৰ্বাঞ্চল) হৈ পৰিছো।
আমি বহুতো প্ৰত্যাহ্বানৰ মাজেৰে যাব লগা হৈছিল।আমি নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথম এছিয়ান ৰিলে দল আৰু মই ভাৰতৰ প্ৰথম পুৰণি সাঁতোৰবিদ যিয়ে নৰ্থ চেনেল অতিক্ৰম কৰি ১৪ ঘণ্টা ৩৮ মিনিট সময় অতিক্ৰম কৰিছো।সকলো ভাৰতীয় আৰু অসমবাসীৰ বাবে এটা সপোন সঁচা আৰু গৌৰৱান্বিত মুহূৰ্ত।
Comments