Cartoon
View Older
গুৱাহাটী, ২১ ছেপ্টেম্বৰ:আন্তঃৰাষ্ট্ৰীয় বজাৰত ১৭২৫ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ঘোষিত সামগ্ৰীৰ সৈতে দিল্লী আৰক্ষীৰ বিশেষ কোষে বিত্তীয় ৰাজধানী মুম্বাইৰ পৰা এটা বৃহৎ পৰিমাণৰ হেৰ’ইন কণ্টেইনাৰ জব্দ কৰিছে।জ্যেষ্ঠ বিষয়াগৰাকীয়ে জনোৱা মতে, মুম্বাইৰ নাভা শ্বেভা বন্দৰৰ পৰা ২২ টনতকৈ অধিক লিকোৰাইচ আৱৰণযুক্ত এটা কণ্টেইনাৰ জব্দ কৰা হৈছে।লিকোৰাইচৰ ওপৰত আৱৰণ দি অনা মুঠ হেৰ’ইনৰ পৰিমাণ প্ৰায় ৩৪৫ কিলোগ্ৰাম।
২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩ হাজাৰ কেজি ওজনৰ আৰু ২১ হাজাৰ কোটি টকাৰ ড্ৰাগছৰ চালান ধৰি দেশৰ ইতিহাসত সৰ্বাধিক নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ ঠিক এবছৰৰ পাছতে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে ।দিল্লী আৰক্ষীয়ে শীঘ্ৰেই মুম্বাই ড্ৰাগছ কঢ়িওৱাৰ সবিশেষ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
Comments